ভয়ংকৰ পথ দুৰ্ঘটনা; দ’ খাৱৈত বাগৰিল বাহন, চাৰিজন লোকৰ থিতাতে মৃত্যু

0
1
প্ৰতিনিধিত্বমূলক চিত্ৰ

উত্তৰাখণ্ডত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন দ’ খাৱৈত পৰি যোৱাৰ ফলত ৪ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ খবৰ আহিছে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত মৃতদেহ সমূহ উদ্ধাৰৰ চেষ্টা চলাই আছে।

জানিব পৰা অনুসৰি, আজি পুৱা হিমাচল আৰু উত্তৰাখণ্ড সীমান্তৰ সমীপৰ কোৱানু-মীনাছ পথত বিকাশ নগৰৰ পৰা মীনাছ অভিমুখে গৈ থকা এখন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰি পোনে পোনে টনছ নদীত পৰি যায়।

জানিব পৰা মতে, গাড়ীখনত যাত্ৰা কৰা ৪ জন লোক বিকাশ নগৰৰ পৰা হিমাচল প্ৰদেশৰ চৌপাল অভিমুখে গৈ থকা অৱস্থাত গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত চাৰিওজন লোকৰ থিতাতে মৃত্যু হয়।