৪ যুৱতীৰ দলবদ্ধ ধৰ্ষণৰ বলি যুৱক, কিন্তু ১৫ দিন উকলি যোৱাৰ পাছতো ৰুজু হোৱা নাই গোচৰ

0
726

৪ যুৱতীৰ দলবদ্ধ ধৰ্ষণৰ বলি যুৱক, কিন্তু ১৫ দিন উকলি যোৱাৰ পাছতো ৰুজু হোৱা নাই গোচৰ। যাৰ বাবে দেশত পুনৰ উত্থাপন হৈছে সমতাৰ অধিকাৰৰ কথা। পাছে এইবাৰ পুৰুষৰ অধিকাৰৰ কথা উত্থাপন হৈছে।

পূৰ্বতে নাৰী সমাজে নিজৰ সমতাৰ অধিকাৰৰ বাবে প্ৰতিবাদ কৰি আহিছিল। আজিৰ দিনটো বহু ঠাইত এই সমতাৰ অধিকাৰৰ কথা উত্থাপন হৈ আহিছে। কিন্তু এই ক্ষেত্ৰত পুৰুষ যেন সদায় পিছত।

২২ নৱেম্বৰ তাৰিখে দেশত সংঘটিত হয় এক পুৰুষ দলবদ্ধ ধৰ্ষণৰ ঘটনা। এগৰাকী পুৰুষক চাৰি যুৱতীয়ে অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছিল। পাছে আজিকোপতি সেই ঘটনাৰ কোনো গোচৰেই ৰুজু নহয় থানাত।

জলন্ধৰত চাৰিগৰাকী যুৱতীয়ে এজন যুৱকক অপহৰণ কৰি ধৰ্ষণ আৰু পিছত মুকলি কৰি দিয়ে বুলি আৰক্ষীয়ে জানিবলৈ দিছিল। ঘটনাটো লেদাৰ কমপ্লেক্স ৰোডত সংঘটিত হৈছিল।

তথ্য অনুসৰি, লেডাৰ কাৰখানাত কাম কৰা যুৱকজনে আবেলি নিজৰ কৰ্মথলীৰ পৰা ঘৰলৈ উভতি গৈ আছিল। সেই সময়তেই এখন গাড়ী ৰাস্তাত ৰৈ গাড়ীত থকা চাৰিজনী ছোৱালীয়ে তেওঁক কোনো ঠিকনা বিচাৰিছিল।

যুৱকজনে ঠিকনাটো কৈ থকাৰ মাজতে, যুৱতীয়ে যুৱকৰ মুখত কিবা স্প্ৰে মাৰি সংজ্ঞাহীন কৰি বাহনত উঠাই নি সুৰাপান কৰোৱাই ধৰ্ষণ কৰে। অভিযোগ উত্থাপন হোৱা অনুসৰি যুৱতীকেইগৰাকীৰ বয়স ২০ৰ পৰা ৩০ৰ ভিতৰত।

আক্ষীয়ে ঘটনা সম্পৰ্কে জনাৰ পাছতো বৰ্তমানলৈ কোনো পদক্ষেপ লোৱা নাই এই সন্দৰ্ভত আৰক্ষীক কোনো অভিযোগো দিয়া হোৱা নাই।

যাৰ বাবে এতিয়া পুনৰ উত্থাপন হৈছে সমতাৰ অধিকাৰৰ কথা। মহিলাৰ লগতে জন্তুৰ বাবেও আইন থকা এইখন দেশত নাই পুৰুষ যৌন নিৰ্যাতনৰ বাবে নাই কোনো আইন।

কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, পুৰুষ যৌন নিৰ্যাতনৰ বলি হোৱা নাই। বহুদিনৰে পৰা চলি আহিছে পুৰুষৰ ওপৰতো যৌন নিৰ্যাতন। কিন্তু পুৰুষ বুলি সন্মানৰ খাতিৰতে মনে মনে থাকে ।

যাৰ বাবে আইন নথকাৰ পাছতো বৰ্তমান সময়ত বহু পুৰুষে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছে। বহু পুৰু। ওলাই আহিছে তেঁওলোকৰ ওপৰত হোৱা অত্যাচাৰৰ কথা কবলৈ।

আইনৰ পৰিৱৰ্তনৰ দাবীও উত্থাপন কৰা হৈছে কিয়নো এই ঘটনাই ধৰ্ষণ পীড়িতসকলৰ মনত ইমান গভীৰ প্ৰভাৱ পেলাইছে, তেওঁলোকে স্বাভাৱিক জীৱন যাপন কৰিবলৈ সক্ষম নহয়।