
বঙাইগাঁৱৰ যোগীঘোপাত হোজাই আৰক্ষীৰ অভিযানত অাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ চাইবাৰ অপৰাধীক। ধৃত আব্দুল্লা শ্বেখ, আজহাৰ আলী, আচমদ আলী আৰু মস্তাক আলী।

ধৃত যুৱককেইজনৰ পৰা জব্দ এশৰো অধিক ছীম কাৰ্ড, ২০টাত কৈও অধিক মোবাইলফোন, লেপটপ, ডেক্সটপ, কেবাহেজাৰ পঞ্চায়তৰ প্ৰমাণপত্ৰ আৰু বিভিন্ন চৰকাৰী কাৰ্যালয়-বিষয়াৰ বুজন পৰিমানৰ অধিক চীলমোহৰ৷

অনলাইনযোগে গ্ৰাহকক প্ৰৱঞ্চনা কৰিছিল চক্ৰটোৱে৷ Olxযোগে গাড়ী বিক্ৰীৰ নামত হোজাইৰ দেবস্থানৰ কলিম উদ্দিন নামৰ এজন যুৱকৰপৰা সৰকাইছিল আঢ়ৈ লাখ টকা৷ গ্ৰাহকক ফোনকৰি বিভিন্ন প্ৰলোভন দি লুটিছিল গ্ৰাহকক। সংবাদমেলযোগে এই কথা জনাই হোজাইৰ এছ পি অংকুৰ জৈনে।