
এজন প্ৰাক্তন আলফাৰ পুত্ৰই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ হাঁহি বিৰিঙাইছে পিতৃ-মাতৃৰ মুখত।
সংযুক্ত মুক্তি বাহিনী আলফাৰ সক্ৰিয় সদস্য হৈ থকাৰ সময়তে ভূটানৰ কেম্পত থাকোতেই জন্ম গ্ৰহণ কৰিছিল এই সন্তানটিয়ে।
আজি সেই সন্তানেই পিতৃ-মাতৃ পদুম বৰা আৰু গীতা বৰাৰ নাম ৰাখিলে সমাজৰ আগত।
আলফা এৰি অহাৰ পিছতে বহু কষ্ট কৰিবলগীয়া হৈছিল পৰিয়ালটোৱে। সেই পৰিয়ালটোৰেই সুযোগ্য সন্তান মৃগাংক বৰাৰ বাবে আজি গৌৰাম্বিত অঞ্চলবাসী।
নগাঁও জিলাৰ পুৰণিগুদামৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৮৬.৬ শতাংশ নম্বৰ সহ হাইস্কুল শীক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছে মৃগাংকই।
সংযুক্ত মুক্তি বাহিনী আলফাৰ সক্ৰিয় সদস্য হৈ থকাৰ সময়তে সেনাবাহিনীৰ এক অভিযানত ধৰা খাইছিল সন্তানে সৈতে দুইয়ো পিতৃ-মাতৃ।
বৰ্তমান বহু প্ৰত্যাহবানৰ পাছত সাধাৰণ জীৱন নিৰ্বাহ কৰিবলৈ লৈছে পৰিয়ালটোৱে।
কৰ্মসূত্ৰে প্ৰথম অৱস্থাত এখন দোকান খুলি সংসাৰ চলাইছিল যদিও চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে দোকান খন ভাঙিব লগা হয়।
বৰ্তমান কৃষি কৰ্মৰ জৰিয়তে বহু কষ্টৰে পৰিয়ালটো চলাই আছে পদুম বৰাই।
ভূটানৰ কেম্পত থাকি পাৰ কৰি অহা সেই ভয়ংকৰ দিনবোৰৰ কথা ভাৱি আজি পুত্ৰৰ এই ফলাফলৰ বাবে আনন্দত চকুলো নিগৰিছে পিতৃ-মাতৃৰ।
ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ সপোন বান্ধি ৰাখিছে ছাত্ৰ গৰাকীয়ে।
কোনো অন্য সহায়ক পুথি বা চাজেছন জাতীয় কিতাপৰ সলনি মূল কিতাপ পঢ়িহে এই ভাল ফলাফল কৰিবলৈ সক্ষম হয় বুলি কয় মৃগাংকই।
৫ বিষয়ত লেটাৰ মাৰ্ক লৈ সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱাৰ পাছটো পিতৃ-মাতৃৰ অৱস্থা চাই নগাঁও মহাবিদ্যালয়টে নামভৰ্তি কৰি আগবাঢ়ি যোৱাৰ কথা ভাবিছে ছাত্ৰ জনে।
Photo Credit: @batssamhaque