21 C
Guwahati
Thursday, January 20, 2022
More

    চামগুৰিৰ প্ৰাক্তন অগপ বিধায়ক অতুল কুমাৰ শৰ্মাৰ মৃত্যু

    নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক অতুল কুমাৰ শৰ্মাৰ পৰলোক প্ৰাপ্তি। মঙলবাৰে বিয়লি ৫.৫০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যুক সাৱটি লয় প্ৰাক্তন বিধায়ক অতুল কুমাৰ শৰ্মাই।

    ২৫ নৱেম্বৰৰ নিশা শৰ্মা হৃদৰোগত আক্ৰান্ত হোৱাত পৰিয়ালে গুৱাহাটী ডাউন টাউনত ভৰ্তি কৰাইছিল। কিন্তু সোমবাৰে শৰ্মাক গুৱাহাটী মেডিকেল কলেজলৈ নিয়াৰ পিছত মঙলবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে।

    ১৯৯৬ চনৰ পৰা ২০০১ চনলৈকে চামগুৰিত অগপ দলৰ বিধায়ক হৈ থকা প্ৰয়াত শৰ্মা আছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিৰ দায়িত্বটো আছিল।

    ১৯৮৫ চনত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব ন্যস্ত হৈছিল যদিও প্ৰয়াত শৰ্মাই প্ৰত্যক্ষ ৰাজনীতিৰে জৰিত হোৱাৰ ইচ্ছাৰে সভাপতিৰ দায়িত্ব নলৈ অসম গণ পৰিষদত যোগদান কৰিছিল।

    ১৯৫৭ চনৰ ৫ ডিচেম্বৰত পুৰণি গুদামৰ তেলিয়াগাঁৱত জন্ম গ্ৰহণ কৰা অতুল কুমাৰ শৰ্মাই পিছলৈ নগাঁৱৰ পলিটেকনিকৰ ওচৰৰ আনন্দ নগৰত স্থায়ীভাবে থাকিবলৈ লৈছিল।

    মৃত্যুৰ সময়ত প্ৰয়াত শৰ্মাই পত্নী, পুত্ৰ, কন্যাকে ধৰি বহু আত্মীয়ক এৰি থৈ যায়।

    Input : BATSSAM NZ HOQUE

    আৰু পঢ়ক : হাতী-মানুহৰ সংঘাতৰ অন্য এক পৰিণতি; মৃত্যুক সাৱটিলে ২৬ বছৰীয়া যুৱকে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং