ক’ভিড ১৯ ত আক্ৰান্ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

0
715
ক'ভিড ১৯ ত আক্ৰান্ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

ক’ভিড ১৯ ত আক্ৰান্ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। ৮৮ বয়সৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক দিল্লী এইমছৰ ট্ৰ’মা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

ডঃ সিঙৰ জ্বৰ উঠাৰ কাৰণে ক’ভিড টেষ্ট কৰাৰ পিছতে তেওঁৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰে।

ইতিমধ্যে ডঃ সিঙে ৪ মাৰ্চত প্ৰথমটো ক’ভিড ১৯ৰ ভেকচিন গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত ৩ এপ্ৰিলত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বিতীয়টো ক’ভিড ১৯ৰ ভেকচিন গ্ৰহণ কৰিছিল।

এই বাতৰি প্ৰকাশৰ পিছতে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আশু আৰোগ্য কামনা কৰি টুইটযোগে পোষ্ট কৰে। ভাৰতক আপোনাৰ মাগদৰ্শন আৰু পৰামৰ্শৰ দৰকাৰ আছে।

যোৱা শনিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত দেশত ক’ভিডৰ পৰিস্থিতিৰ ওপৰত এখন বৈঠতক মিলিত হৈছিল।

ইয়াৰ পিছতে ডঃ সিঙে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ভাৰতত কৰ’ণা নিয়ন্ত্ৰণ কৰাৰ পৰামৰ্শ দি এখন চিঠি লিখিছিল।

আৰু পঢ়ক : গোলাঘাটত ক’ভিড ১৯ ত আক্ৰান্ত হৈ এগৰাকী লোকৰ মৃত্যুঃ ৩২ জন আক্ৰান্ত