
এন ডি এফ বিৰ প্ৰাক্তন কেডাৰ সকলে এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিটিআৰ চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীৰে ৮ ছেপ্তেম্বৰত এক গণ সমাবেশ কাৰ্য্যসূচী অনুষ্ঠিত কৰিব।
ওডালগুৰি জিলাত এই গণ সমাবেশ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি এন ডি এফ বিৰ প্ৰাক্তন কেডাৰ সকলে জানিবলৈ দিছে।
২০০৮ চনত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।
এন ডি এফ বিৰ প্ৰাক্তন কেডাৰ সকলে ৰঞ্জন দৈমাৰীৰ লগতে অন্যান্য কাৰাৰুদ্ধ এন ডি এফ বিৰ কেডাৰ সকলৰো মুক্তিৰ দাবী জনাইছে।
৮ ছেপ্তেম্বৰত প্ৰাক্তন এন ডি এফ বি কেডাৰ সকলে ওডালগুৰিত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ পাছতে পৰৱৰ্তী দিনা চিৰাং, কোকৰাঝাৰ, বাক্সা, শোণিতপুৰ আদিতো একেধৰণৰ গণসমাবেশ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব।
এন ডি এফ বিৰ প্ৰাক্তন কেডাৰ সকলে সকলো স্তৰৰ ৰাইজক কাৰ্য্যসূচীটোলৈ ওলাই আহি গণসমাবেশ কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে আহ্বান জনায়।
আৰু পঢ়ক : অন্তিম গৰাকী আমেৰিকান সৈন্যৰ বিদায়, আফগানিস্তানত সামৰণি পৰিল আমেৰিকাৰ ২০ বছৰীয়া সামৰিক অভিযানৰ