প্ৰাক্তন বিধায়ক মদন কলিতাৰ দেহাৱসান। নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল মদন কলিতা। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছল ৬৯ বছৰ।
হৃদ ৰোগত আক্ৰান্ত হৈ ২১ জানুৱাৰীৰ নিশা আকস্মিক ভাবে মৃত্যুক সাৱটি লয় নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে ।
২০০১ চনৰ ২০০৬ চনলৈ নলবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলি নলবাৰী সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ বিধায়ক হৈ নিৰ্বাচিত হৈছিল । ২০০৬ ৰ নিৰ্বাচনত অগপৰ অলকা শৰ্মাৰ হাতত পৰাজিত হয় ৷
২০১১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ উক্ত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নলবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজিত হৈছিল৷ পৰৱৰ্তী সময়ত তেওঁ অগপ দলত যোগদান কৰিছিল৷
মৃত্যুৰ সময়ত পত্নী সহ দুই কন্যা সন্তান আৰু পুত্ৰ সন্তানক এৰি ইহ সংসাৰত ত্যাগ কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে ।
Input and Photo- Hirak Deka
আৰু পঢ়ক : সুখবৰ- পিতৃ-মাতৃ হ’ল নিক আৰু প্ৰিয়ংকা, ইনষ্টাগ্ৰামত জনালে সন্তান আগমনৰ খবৰ