এক কৰুণ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনিবাৰৰ বিধায়ক এগৰাকীয়ে

0
26672

এক কৰুণ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনিবাৰৰ বিধায়ক এগৰাকীয়ে। আজি দেওবাৰে পুৱাই মুম্বাই-পুনে এক্সপ্ৰেছৱেত সংঘটিত এক পথ দুৰ্ঘটনাত শিৱ সংগ্ৰাম পাৰ্টিৰ নেতা তথা মহাৰাষ্ট্ৰ বিধান পৰিষদৰ প্ৰাক্তন সদস্য বিনায়ক মেটৰ মৃত্যু হয়।

মেটৰ বয়স আছিল ৫২ বছৰ। মেটক মাৰাঠা সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ এজন কট্টৰ সমৰ্থক হিচাপে গণ্য কৰা হৈছিল।

জানিব পৰা মতে, চুবুৰীয়া ৰায়গড় জিলাৰ ৰসায়ানী আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত মাদাপ সুৰংগৰ ওচৰত পুৱা প্ৰায় ৫.১৫ বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষীয়ে সদৰি কৰা অনুসাৰে, মেটে পুনেৰ পৰা মুম্বাইলৈ গৈ আছিল। দুৰ্ঘটনাৰ সময়ত বাহনখনত বিধায়কগৰাকীৰ লগতে আন এগৰাকী ব্যক্তি আৰু বাহনখনৰ চালক আছিল।

বিপৰীত দিশৰ পৰা অহা এখন বাহনে বিধায়কগৰাকীৰ বাহনত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। আৰু কেউগৰাকীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।