
ডিব্ৰুগড়ত কোটি টকীয়া জুৱাৰ ঘাটীত আৰক্ষীৰ অভিযান। বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানত নাহৰকটীয়াৰ অগপৰ প্ৰাক্তন বিধায়কসহ ৭ গৰাকী জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।
ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু ছেত্ৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে নিশা বৈৰাগীমঠৰ প্ৰাক্তন কংগ্ৰেছী নেতাৰ বাসগৃহত অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকেইজন জুৱাৰীক।
ধৃত জুৱাৰীকেইজন হৈছে নাহৰকটীয়াৰ অগপৰ প্ৰাক্তন বিধায়ক নৰেন সোণোৱাল ওৰফে বটালি, মুকুল ঘোষ, মেহৰাজ মহন্মদ, দীপেন্দ্ৰ দত্ত, ঋতিক বৰুৱা, আব্দুল ৰছিদ আৰু দীপক ৰঞ্জন।

ইফালে ঘটনাস্থলৰ পৰা ‘PRESS’ লিখা AS 06 Y 8724 নম্বৰৰ ৰঙা ৰঙৰ এখন ছুইফট বাহনো জব্দ কৰিছে।
জানিব পৰা মতে, জুৱাৰ ঘাটীটোৰ পৰা আৰক্ষীয়ে প্ৰায় ৭০ লাখ টকা জব্দ কৰিছে।
আটাইকেইজনৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীয়ে গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰোৱাৰ পিছতে কাৰাগাৰলৈ প্ৰেৰণ কৰে।