16 C
Guwahati
Friday, December 3, 2021
More

    মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাকে ধৰি ১২ গৰাকী কংগ্ৰেছী বিধায়কৰ তৃণমূল কংগ্ৰেছত যোগদান!

    মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাকে ধৰি ১২ গৰাকী কংগ্ৰেছী বিধায়কৰ তৃণমূল কংগ্ৰেছত যোগদান!

    মেঘালয় কংগ্ৰেছত ব্যাপক খহনীয়াৰ সৃষ্টি কৰি ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাকে ধৰি মুঠ ১২ গৰাকী কংগ্ৰেছ বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰা বুলি খবৰ প্ৰকাশ পাইছে।

    বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি আনুষ্ঠানিকভাৱে এইসকল বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ বিষয়ে ৰাজহুৱা কৰিব।

    মেঘালয় কংগ্ৰেছৰ সভাপতি পদক লৈ আৰম্ভ হোৱা মতবিভাজনৰ পাছতে মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাই তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা আৰম্ভ হৈছিল।

    উল্লেখযোগ্য যে, মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ৰাজ্যত ক্ৰমান্বয়ে প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

    অসমৰ বৰাক উপত্যকাৰ প্ৰাক্তন কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱেও কিছুদিন পূৰ্বে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।

    আৰু পঢ়ক : সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট কবি সনন্ত তাঁতীৰ দেহাৱসান, মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং