ৰিয়ান পৰাগ কোনো ডাঙৰ খেলুৱৈ নহয়, আৰু কিদৰে ৰিয়ানক চোঁকা সমালোচনা প্ৰাক্তন ক্ৰিকেটাৰ মদন লালৰ?

0
12586
ফটো সৌজন্য- ইণ্টাৰনেট

আইপিএলত হতাশজনক প্ৰদৰ্শন দাঙি ধৰাৰ পাছতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সকলৰ সমালোচনাৰ সন্মুখিন হ’বলগীয়া হৈ আহিছে ৰাজস্থান ৰোয়েলছৰ যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ।

সঞ্জয় মঞ্জৰেকাৰে ৰিয়ান পৰাগক আইপিএলৰ প্ৰদৰ্শনৰ পাছতে সমালোচনা কৰাৰ পাছত এইবাৰ আন এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ মদন লালে সমালোচনা কৰিছে পৰাগক।

মদন লালে ৰিয়ান পৰাগক সমালোচনা কৰি ২০ বছৰীয়া ক্ৰিকেটাৰ গৰাকীয়ে বিগত চাৰিটা বৰ্ষৰ আইপিএলত কোনোধৰণৰ অগ্ৰগতি দেখুৱাবলৈ সক্ষম নহ’ল বুলি কয়।

“ৰিয়ান পৰাগে প্ৰায় আটাইকেইখন খেল খেলিলেও এখন খেলতো উজ্জিৱিত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম নহ’ল,” মদন লাল এইদৰে কয়।

“যেতিয়া ৰিয়ান পৰাগৰ বিষয়ে কোৱা হয়, ৰিয়ান পৰাগ তেনেধৰণৰ কোনো দাঙৰ খেলুৱৈ নহয় যিয়ে খেলৰ গতিধাৰা সলনি কৰি দিব পাৰে,” প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৰাকীয়ে পুনৰ এইদৰে লগতে কয়।