31 C
Guwahati
Thursday, September 29, 2022
More

    পথ দুৰ্ঘটনাত কৰুণ মৃত্যু প্ৰাক্তন আম্পায়াৰ ৰুডী কাৰ্টজেনৰ

    ক্ৰিকেট জগতৰ বাবে অতি দুখবৰ। অতি জনপ্ৰিয় আই চি চিৰ প্ৰাক্তন আম্পায়াৰ ৰুডী কাৰ্টজেনৰ ৭৩ বছৰ বয়সত মৃত্যু ঘটিছে।

    প্ৰাপ্ত খবৰ অনুসৰি, দক্ষিণ আফ্ৰিকাৰ আম্পায়াৰ ৰুডী কাৰ্টজেন আৰু আন তিনিগৰাকী লোকৰ গাড়ী দুৰ্ঘটনাত পতিত হয় মৃত্যু হৈছে।

    এই শোকাৱহ পথ দুৰ্ঘটনাটো মঙলবাৰে ৰাতিপুৱা দক্ষিণ আফ্ৰিকাৰ ৰিভাৰডেল নামৰ অঞ্চলত সংঘটিত হৈছে।

    উল্লেখ্য যে ক্ৰিকেট জগতৰ অন্যতম শ্ৰেষ্ঠ আম্পায়াৰ আছিল কাৰ্টজেন। তেওঁ মুঠ ৩৩১ খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত আম্পায়াৰিং কৰিছিল।

    ১৯৯২ চনত পোৰ্ট এলিজাবেথত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ বক্সিং ডে টেষ্ট মেচখনৰ জৰিয়তে আম্পায়াৰিঙৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কাৰ্টজেনে।

    তেওঁ অভিলেখ সংখ্যক ২০৯ খন এদিনীয়া আৰু ১৪ খন টি-২০ মেচত আম্পায়াৰিং কৰিছিল আৰু ১৯৯৯ চনৰ বিশ্বকাপৰ ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজৰ উদ্বোধনী মেচৰ আম্পায়াৰিঙৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ ৰ’ব।

    ২০০৩ আৰু ২০০৭ চনৰ বিশ্বকাপৰ ফাইনেলত তেওঁ থাৰ্ড আম্পায়াৰৰ ভুমিকা গ্ৰহণ কৰিছিল।

    ২০১০ চনত অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত টেষ্ট মেচৰ পিছত আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰিঙৰ পৰা অৱসৰ গ্ৰহণ কৰে কাৰ্টজেনে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং