31 C
Guwahati
Thursday, September 29, 2022
More

    তিৰংগা যাত্ৰাত ভাগ লোৱা গুজৰাটৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীক মহতিয়ালে গৰুৱে

    শনিবাৰে গুৰুতৰভাৱে আহত হয় গুজৰাটৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী নীতিন পেটেল। দৰাচলতে তিৰংগা যাত্ৰাৰ সময়ত তেওঁক এটা গৰুৱে খুন্দিয়াইছিল, য’ত তেওঁ ভৰিত গুৰুতৰভাৱে আঘাত লাভ কৰে।

    ঘটনাৰ পিছতে ততাতৈয়াকৈ তেওঁক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

    ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকী তিৰংগা যাত্ৰাত অংশ লৈছিল।

    তিৰংগা যাত্ৰাৰ সময়ত সংঘটিত এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে।

    ভিডিঅ’টোত দেখা অনুসৰি হাতত ত্ৰিৰংগ পতাকা লৈ ৰেলীৰ আগশাৰীত থিয় হৈ থকা নীতিন পেটেলক এটা গৰুৱে প্ৰচণ্ড জোৰত খুন্দিয়াই। গৰুৰ খুন্দাত ৰাস্তাত পৰি যায় নীতিন পেটেল।

    ইফালে, এই ঘটনাক লৈ গুজৰাটত আৰম্ভ হৈছে ৰাজনীতি। বিৰোধী ৰাজনৈতিক দলসমূহে নীতিন পেটেলক লক্ষ্য কৰি বিভিন্ন ৰসাল টুইট কৰা পৰিলক্ষিত হৈছে।

    আম আদমী পাৰ্টিয়ে টুইটযোগে নীতিন পেটেলৰ আশু আৰোগ্য কামনা কৰাৰ বিপৰীতে এই ভিডিঅ’ সন্দৰ্ভত ৰাজ্য চৰকাৰক কিছু প্ৰশ্ন কৰিছে। দলটোৱে কৰা টুইটত এনে ঘটনাৰ বাবে কোন দায়ী বুলি প্ৰশ্ন উত্থাপন কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং