29 C
Guwahati
Saturday, August 13, 2022
More

    আৰক্ষীৰ জালত কৰিমগঞ্জৰ প্ৰাক্তন উপায়ুক্ত, ভূমি আত্মসাতৰ অভিযোগ

    কেলেংকাৰীৰ সময়ত উপায়ুক্ত ৰূপে কৰ্মৰত আছিল তালুকদাৰ।

    বেলতলা ছাৰ্ভেৰ পৰা গ্ৰেপ্তাৰ কৰিমগঞ্জৰ প্ৰাক্তন উপায়ুক্ত। বন্দৰৰ ভূমি আত্মসাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ প্রদীপ তালুকদাৰক। বহু ভূমি কেলেংকাৰীতো জড়িত থকাৰ অভিযোগ প্ৰাক্তন উপায়ুক্তজনৰ বিৰুদ্ধে।

    সূতাৰকান্দি সমন্বিত চেকগে’টত ভূমি কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগ ACS বিষয়াজনৰ বিৰুদ্ধে। অবৈধভাৱে ভূমি আবণ্টন কৰাৰ গুৰুতৰ অভিযোগ। লেণ্ড প’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াই নিৰ্মাণ কৰিছিল এই চেকগে’ট।

    ৯ জুলাইত ৰাজ্য চৰকাৰে নিলম্বন কৰিছিল তালুকদাৰক। নিলম্বনৰ সময়ত সমবায় বিভাগত কৰ্মৰত হৈ আছিল তালুকদাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং