‘নতুনকৈ অহাবোৰেই গুৰুত্ব পাই, মই এতিয়া অৱহেলিত-গুৰুত্বহীন’- ক্ষোভ প্ৰকাশ প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰীৰ

0
270
'নতুনকৈ অহাবোৰেই গুৰুত্ব পাই, মই এতিয়া অৱহেলিত-গুৰুত্বহীন'- ক্ষোভ

‘নতুনকৈ অহাবোৰেই গুৰুত্ব পাই, মই এতিয়া অৱহেলিত-গুৰুত্বহীন’- ক্ষোভ প্ৰকাশ প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰীৰ

‘নতুনকৈ অহাবোৰেই গুৰুত্ব পাই, মই এতিয়া অৱহেলিত-গুৰুত্বহীন’- ক্ষোভ প্ৰকাশ প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰীৰ। ক্ষোভ প্ৰকাশ কৰে এগৰাকী শীৰ্ষ বিজেপি নেতাই।

দুখ তথা ক্ষোভ প্ৰকাশ কৰি কয়- ‘দলত মই এতিয়া অৱহেলিত, গুৰুত্বহীন ব্যক্তি! ন বিজেপিৰ ষড়যন্ত্ৰৰ বলি হ’লো। ‘

নগাঁও জিলাৰ পুৰণিগুদামত এইদৰে দুখ প্ৰকাশ কৰে প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইয়ে।

বিজেপিত নতুনকৈ অহা মধ্যৱন্ত নেতা-কৰ্মীয়ে দলটোক গ্ৰাস কৰি পুৰণি দৰিদ্ৰ কাৰ্য্যকৰ্তা সকলক দমন কৰাৰ প্ৰয়াস চলিছে বুলি অভিযোগ উত্থাপন কৰে গোঁহাইয়ে।

বৰ্তমান ১০ পইচাৰো দাম নথকা পুৰণি কাৰ্য্যকৰ্তা সকলৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে কেতিয়াবা বিদ্ৰোহ কৰাৰ ইচ্ছা কৰে প্ৰবীণ সংবাদ ৰাজেন গোঁহাইয়ে।

পাম খেতি পৰীক্ষামূলক ভাৱে কৰক, নভবা-নিচিন্তাকৈ নহয়! তাৰ বিপৰীতে ছয়াবিন, মাকৈ, ষ্ট’বেৰী আদি ব্যৱসায় ভিত্তিক খেতিত চৰকাৰে মনোনিৱেশ কৰক- আহ্বান ৰাজেন গোঁহাইৰ।

বিজেপি দলৰ ক্ষতি মানেই সমগ্ৰ অসমীয়া জাতিটোৰ ক্ষতি! নগাঁও জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ পুৰণিগুদাম স্থিত নতুন কাৰ্য্যালয় ভৱনটো উদ্ঘাটন কৰি এনে মন্তব্য বিজেপিৰ প্ৰবীণ নেতা গৰাকীৰ।

Input and Phot – Batssam Nz Haque

আৰু পঢ়ক : পে টি এমৰ প্ৰতিষ্ঠাপক বিজয় শেখৰ শৰ্মাক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ