বিহাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী জিতন সিং মাঝিৰ জিভাৰ মূল্য হ’ল ১১ লাখ টকা কিন্তু কেনেকৈ?

0
173
বিহাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী জিতন সিং মাঝিৰ জিভাৰ মূল্য হ’ল ১১ লাখ টকা কিন্তু
ফটো সৌজন্য- ইণ্টাৰনেট

বিহাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী জিতন সিং মাঝিৰ জিভা কাটিব পাৰিলে ১১ লাখ টকাৰ উপহাৰ ঘোষণা কৰিছে বিজেপি নেতা গজেন্দ্ৰ ঝাই।

ধৰ্মগুৰুক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগত জিতেন সিং মাঝিৰ জিভাৰ মূল্যৰ পুৰস্কাৰ এনেদৰে ধাৰ্য্য কৰিছে বিজেপিৰ নেতা গৰাকীয়ে।

গজেন্দ্ৰ ঝাই জিতন সিং মাঝিক সমালোচনা কৰি জিতন সিং মাঝিয়ে হিন্দু ধৰ্মক যদিহে বিশ্বাস নকৰে তেন্তে তেওঁ ধৰ্মান্তকৰণ হ’ব লাগে বুলিও উল্লেখ কৰে।

ইপিনে, গজেন্দ্ৰ ঝাৰ এই মন্তব্যৰ পাছতে বিজেপিয়ে নিজৰ নেতা সকলক নিয়ন্ত্ৰণ কৰিব লাগে নহ’লে ইয়াৰ পৰিণাম ভয়াবহ হ’বলৈ গৈ আছে বুলি জিতন সিং মাঝিৰ ৰাজনৈতিক দলৰ মুখপাত্ৰই সাৱধানবাণী শুনায়।

উল্লেখযোগ্য যে, হিন্দুস্তানী আৱাম মৰ্চাৰ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী জিতন সিং মাঝিয়ে হিন্দু ধৰ্মৰ গুৰুক লৈ অপমান সূচক মন্তব্য কৰাৰ পাছতে বিহাৰৰ বিজেপি নেতা সকলে আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে মাঝি আৰু তেওঁৰ ৰাজনৈতিক দলক।

আৰু পঢ়ক : কাজিয়া লাগি যুৱকে নিজকে দিলে জ্বলাই, প্ৰাণ ৰক্ষা কৰিবলৈ গৈ যুৱতীও অগ্নিদগ্ধ, বৰপেটাত চাঞ্চল্য