মৰ্মান্তিক; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাৰ

0
209
মন্দিৰলৈ পূজা আগবঢ়াবলৈ যোৱা দুজন ভক্তৰ ৰহস্যজনক মৃত্যু, আৰক্ষীৰ তদন্ত
প্ৰতিনিধিত্বমূলক চিত্ৰ

সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন নেতাই অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লোৱা ঘটনাই ডিব্ৰুগড় জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বুধবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ মৰাণহাটৰ নিজা বাসগৃহত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত মৃত্যু হোৱা প্ৰাক্তন ছাত্ৰ নেতাজন হৈছে জিতু দাস।

জিতু দাস ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল।

অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাৰ পিছত জিতু দাসৰ মৃতদেহ উদ্ধাৰ হয়।

ইফালে এই ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

‘আমি এতিয়াই ক’ব নোৱাৰো কেনেকৈ জিতু দাস অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটে। আমি তদন্ত কৰি আছো’, এগৰাকী আৰক্ষী বিষয়াই এইদৰে কয়।

আনহাতে, প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ আকস্মিক মৃত্যুত ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে শোকপ্ৰকাশ কৰিছে।

আৰু পঢ়ক : ৰাজ্যত পুনৰ এনকাউণ্টাৰ; এইবাৰ আৰক্ষীয়ে গুলীয়ালে ত্ৰিপুৰাৰ সুমন নমোক