29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ফৰিদ হত্যাকাণ্ডৰ নতুন মোৰঃ অভিযন্তাৰ পত্নীৰ লগত সম্বন্ধ থকাৰ সন্দেহত হত্যা ফৰিদক

    ফৰিদ হত্যাকাণ্ডৰ নতুন মোৰ। কনিষ্ঠ অভিযন্তাৰ পত্নীৰ লগত সম্বন্ধ থকাৰ সন্দেহত হত্যা কৰিছিল ফৰিদক।

    আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কনিষ্ঠ অভিযন্তা জয়নাল আবেদিন সহ চাৰি জনক।হত্যাৰ পাছত পৰিয়াল সহ আত্মগোপন কৰি আছিল জয়নালে।

    যোৱা ২৯ অক্টোবৰত হাটশিঙিমাৰীত ঘৰৰ নিলগৰৰ লুংলুঙীয়া বাটতে দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰিছিল ফৰিদ নামৰ ঠিকাদাৰ এজনক।

    ইয়াৰ পাছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। ঘটনাস্থলীত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী লগতে মানকাচৰৰ বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল উপস্থিত হৈ হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছিল।

    সম্প্ৰতি আৰক্ষীয়ে অভিযন্তা জনৰ পত্নী সহ চাৰি জনক আটক কৰি জেৰা চলাই আছে। অভিযন্তাগৰাকীৰ পত্নীৰ হৈতে ফৰিদৰ অবৈধ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং