19 C
Guwahati
Friday, January 21, 2022
More

    বহু জীৱ বৈচিত্ৰৰে ভৰপূৰ উত্তৰ পূৱত বনাঞ্চল বহুখিনি হ্ৰাস, ১০২০ বৰ্গ কিলোমিটাৰ নোহোৱা হৈ পৰিছে মানচিত্ৰৰ পৰা…

    বহু জীৱ বৈচিত্ৰৰে ভৰপূৰ উত্তৰ পূৱত বনাঞ্চল বহুখিনি হ্ৰাস, ১০২০ বৰ্গ কিলোমিটাৰ নোহোৱা হৈ পৰিছে মানচিত্ৰৰ পৰা…

    আঠ ভনীৰ দেশ উত্তৰ পূৱৰ পৰা সদ্যহতে প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য। বহু জীৱ বৈচিত্ৰৰে ভৰপূৰ উত্তৰ পূৱত বনাঞ্চল বহুখিনি হ্ৰাস পাইছে। প্ৰকাশিত তথ্য অনুসৰি ১০২০ বৰ্গ কিলোমিটাৰ নোহোৱা হৈ পৰিছে উত্তৰ পূৱৰ আঠ ৰাজ্যৰ পৰা। সেই ৮ ৰাজ্য অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু চিকিম।

    দেশৰ বনাঞ্চলৰ আয়তন জোখা নতুন তথ্যত এই কথা প্ৰকাশ পইছে। বিগত দুটা বছৰতেই এইদৰে বহু বনাঞ্চল নোহোৱা হৈ পৰে। পৰিৱেশ মন্ত্ৰালয়ৰ দ্বাৰা বৃহস্পতিবাৰে ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপোৰ্ট ২০২১ তথ্য প্ৰকাশ পায়।

    নতুন তথ্য অনুসৰি ৮ ৰাজ্যৰ মুঠ ভৌগোলিক আয়তন ২,৬২,১৭৯ বৰ্গ কিলোমিটাৰ। ইয়াৰ ভিতৰত ১,৬৯,৫২১ বৰ্গ কিলোমিটাৰ বনাঞ্চল। যি ভৌগোলিক আয়তন দেশৰ ভিতৰত ৭.৯৮ বৰ্গ কিলোমিটাৰ। আনহাতে বনাঞ্চলৰ ক্ষেত্ৰত দেশৰ ভিতৰতে উত্তৰ পূৱত ২৩.৭৫ শতাংশ।

    ইয়াৰে ভিতৰত সৰ্বাধিক অৰুণাচল প্ৰদেশৰ ২৫৭ বৰ্গ কিলোমিটাৰ, মণিপুৰ ২৪৯ বৰ্গকিলোমিটাৰ, নাগালেণ্ডৰ ২৩৫ বৰ্গকিলোমিটাৰ, মিজোৰামৰ ১৮৯ বৰ্গ কিলোমিটাৰ, মেঘালয় ৭৩ বৰ্গকিলোমিটাৰ, অসমৰ ১৫ কিলোমিটাৰ,ত্ৰিপুৰাৰ ৪ আৰু চিকিমৰ ১ বৰ্গ কিলোমিটাৰ নোহোৱা হৈ পৰিছে।

    উল্লেখ্য যে, উত্তৰ পূৱৰ এই ৰাজ্য়কেইখনত প্ৰধানত ঝুম খেতি কৰা হয়। পাহাৰীয়া এলেকা বাবে ঝুম খেতিৰ বাবে উপযোগী এই উত্তৰ পূৱৰ ৰাজ্য কেইখন। আৰু সেয়ে এই খেতিৰ বাবে খেতিয়কে কিছু অঞ্চলত বন সমূহ নোহোৱা কৰিবৰ বাবে জুই লগাই সেই ঠাইত খেতি কৰে।

    প্ৰতি বছৰে বেলেগ বেলেগ ঠাই এই ঝুম খেতিৰ বাবে নিৰ্বাচন কৰা হয়। একেখিনি ঠাইতে ঝুম খেতি নকৰে। সেয়ে দুই তিনি বছৰৰ বাবে খেতি কৰা ঠাই খিনি পুনৰ বন হবৰ বাবে এৰি দিয়ে। যাৰ বাবেই উত্তৰ পূৱৰ বনাঞ্চলৰ মুঠ হাৰ কম বেছি হৈ থাকে।

    আৰু পঢ়ক : গুৱাহাটী অভিমুখী বিকানেৰ এক্সপ্ৰেছ লাইনচ্যুত, ৪-৫ টা ডবা বাগৰি পৰিল ৰে’ল ট্ৰেকৰ পৰা…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং