যোৰহাটৰ বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিলে BSFত কৰ্মৰত এগৰাকী বিষয়াক। গোলাঘাটৰ মেৰাপানীৰ উদয়পুৰ মিকিৰপট্টিৰ মুজিবুৰ ৰহমান নামৰ বিষগৰাকীক বিদেশী ঘোষণা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যোৰহাট আৰু গোলাঘাট দুয়োখন জিলাতেই।

মুজিবৰ বৰ্তমান পঞ্জাবত কৰ্তব্যত নিয়োজিত হৈ আছে। এই গুৰুত্বপূৰ্ণ ৰায় সম্পৰ্কে একোয়েই নাজানে মুজিবুৰ ৰহমানে। সঠিক ঠিকনা নোহোৱাৰ বাবে মুজিবৰক বিদেশী ঘোষণা কৰা হৈছে বুলি জানিবলৈ দিছে মুজিবুৰৰ অধিবক্তাই। মুজিবুৰ ৰহমানৰ লগতে পত্নীকো ঘোষণা কৰিলে বিদেশী বুলি।
বিদেশী ন্যায়াধীকৰণে দিয়া এই ৰায়দানতে আন ২৮ গৰাকী লোকক বিদেশী বুলি ঘোষণা কৰিছিল।
Guwahati | Edited by: Dulu Medhi