18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    শীতৰ আমেজ লোৱাৰ বাবে বাছনি কৰক মহানগৰৰ সমীপৰে মায়ং, হাজাৰ হাজাৰ পক্ষীৰে ভৰ্তি মায়ঙৰ খাল-বিল

    শীতৰ আগমণ মানেই কোনো অন্য ঠাইত গৈ অলপ ফুৰা চকা কৰা। কিন্তু সময় নাটনি আৰু যাবলৈ মন কোনো সুন্দৰ ঠাইলৈ। সেয়ে শীতৰ আমেজ লোৱাৰ বাবে বাছনি কৰক মহানগৰৰ সমীপৰে মায়ং। প্ৰকৃতিৰ নান্দনিক দৃশ্যত পৰিণত হৈছে মায়ংৰ খাল বিল।

    সামুকভঙা চৰাইয়ে পৰ্যটক আৰু পথাচাৰিৰ দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে মায়ংৰ খাল বিল সমূহ। মায়ংৰ গুৱাহাটী আৰু জাগিৰোড, মৰিগাঁও সংযোগী গড়কাপ্তানী পথটো এতিয়া ভিন্ন চৰাইৰে ভৰ্তি।

    পথচাৰি আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। এতিয়া সামুকভঙা চৰাই চাবলৈ অনাবৰতে ভিৰ কৰে পথচাৰি আৰু পৰ্যটকে।
    হাজাৰ হাজাৰ সামুকভঙা চৰাইৰ লগতে অন্য চৰাইৰো বাসস্থানলৈ পৰিণত হৈছে মায়ংৰ পবিতৰাৰ নিচেই কাষতেই লাগি থকা এই সমূহ খাল বিল।

    প্ৰকৃতিপ্ৰেমীয়ে উপভোগ কৰিছে নানা ধৰণৰ চৰাইৰ মাতৰ লগতে প্ৰকৃতিৰ নান্দনিক দৃশ্য।

    Input and Photo Credit: Safiqul Islam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং