
প্ৰেয়সীৰ সন্দৰ্ভত নিজৰ মতপ্ৰকাশ কৰিছে অলিম্পিকৰ এথলেটিকছ শাখাত প্ৰথম সোণৰ পদক বিজয়ী ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই ।
“এতিয়ালৈ কোনো নাই, পৰৱৰ্তী সময়ত ভাবিম, এতিয়া মোৰ লক্ষ্য মোৰ খেলৰ ওপৰত,” অলিম্পিকত সোণৰ পদক বিজয়ী খেলুৱৈ গৰাকীয়ে সাংবাদিকে প্ৰেয়সী সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত এইদৰে কয়।
আনহাতে, নীৰজ চোপ্ৰাই বৰ্তমান তেওঁৰ প্ৰাৰম্ভিক লক্ষ্য আগন্তুক এছিয়ান গেইমছ তাৰ পাছতে বিশ্ব চেম্পিয়নশ্বিপ আৰু অন্যান্য প্ৰতিযোগিতা সমূহ বুলি কয়।
ইপিনে, পেৰিছ অলিম্পিকলৈ লক্ষ্য ৰাখি এতিয়াৰে পৰা প্ৰস্তুতি চলাই যোৱাৰ কথাও খেলুৱৈ গৰাকীয়ে সদৰী কৰে।
উ্লেখযোগ্য যে, ৭ আগষ্টত টকিঅ’ অলিম্পিকৰ জেভলিন থ্ৰ’ত সোণৰ পদক অৰ্জন কৰি ভাৰতীয় ক্ৰীড়া ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হোৱা তাৰকা ক্ৰীড়াবিদ নীৰজ চোপ্ৰাই অন্যান্য খেলুৱৈ সকলৰ সৈতে কালি নতুন দিল্লীত উপস্থিত হয়।
এইবাৰ অলিম্পিকত ভাৰতে এতিয়ালৈ আটাইতকৈ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি এটা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদকেৰে সৈতে মুঠ সাতটা পদক দখলক কৰিবলৈ সক্ষম হয়।
আৰু পঢ়ক : বিজেপি, কংগ্ৰেছকে ধৰি দেশৰ ৮ টা ৰাজনৈতিক দলক উচ্চতম ন্যায়ালয়ৰ জৰিমণা