26 C
Guwahati
Thursday, September 16, 2021
More

    প্ৰথমবাৰৰ বাবে এক ইঞ্চি মাটি এৰি নিদিয়াকৈ অসম আৰক্ষী সাহসেৰে থিয় হৈ আছে : মুখ্য মন্ত্ৰী

    প্ৰথমবাৰৰ বাবে এক ইঞ্চি মাটি এৰি নিদিয়াকৈ অসম আৰক্ষী সাহসেৰে থিয় হৈ আছে : মুখ্য মন্ত্ৰী

    অসমৰ সৈতে চুবুৰীয়া ৰাজ্য সমূহৰ সীমা বিবাদ সম্পৰ্কে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    বিগত ডেৰ মাহত অসমে বহু অধীকৃত ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰি অসম আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে এক ইঞ্চি মাটিও এৰি নিদিয়াকৈ সাহসেৰে থিয় হৈ আছে বুলি প্ৰশংসা কৰে।

    আনহাতে, চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে সংঘাত হ’লে বিকাশত বহু সমস্যাৰ সৃষ্টি হয় বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে নিজ বক্তব্যত উল্লেখ কৰি বৰ্তমান অসম চৰকাৰৰ সৈতে মেঘালয়, অৰুণাচল প্ৰদেশ চৰকাৰৰ সীমা সম্পৰ্কক লৈ আলোচনা চলি আছে বুলি প্ৰকাশ কৰে।

    ইপিনে, মিজোৰামৰ সমস্যা মাটিক লৈ নহয় তেওঁলোকৰ সমস্যা পৃথক বুলি হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি ভাৰতৰ ভূখণ্ড সম্পৰ্কীয় সকলো সিদ্ধান্ত কেন্দ্ৰ চৰকাৰে লয় বুলিও কয়।

    মুখ্য মন্ত্ৰীয়ে ইচ্ছা কৰিলে অসমৰ ভূমি এৰি দিবও নোৱাৰে বা বেলেগৰ ভূমি দখল কৰিব নোৱাৰে বুলিও হিমন্ত বিশ্ব শৰ্মাই মত ব্যক্ত কৰে।

    মিজোৰাম-অসম সীমান্তত সংঘটিত হোৱা ঘটনাৰ বাবে বহুতে চোৰাংচোৱা সংস্থাক জগৰীয়া কৰিব বিচাৰিলেও হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত চোৰাংচোৱাৰ তথ্যৰ কোনো প্ৰয়োজন নাই কাৰণ মিজোৰামৰ দুৰ্বৃত্ত বাহিনীৰ হাতত পূৰ্বৰে পৰা মাৰাণাস্ত্ৰ আছে বুলি সকলোৱে জ্ঞাত বুলিও উল্লেখ কৰে।

    তদুপৰি, কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছৰ সদিচ্ছা থকা হ’লে কংগ্ৰেছে সীমা সমস্যা সমাধান কৰিব পাৰিলেহেতেন কিন্তু তেওঁলোকে নকৰিলে এতিয়া তেওঁলোকে সহযোগ কৰাৰ বিপৰীতে নিজৰ ৰাজনৈতিক সুবিধা লাভৰ বাবেহে ব্যস্ত আছে।

    আৰু পঢ়ক : কংগ্ৰেছৰ সজাতি দলক সীমান্ত পৰিদৰ্শন কৰাত বাধা, সীমান্ত পিছুৱাই আহিব পাৰে বুলি অভিযোগ ভূপেন বৰাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং