29 C
Guwahati
Thursday, October 21, 2021
More

    সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ বাতৰি প্ৰচাৰত ব্যক্তি স্বাধীনতা খৰ্ব! উচ্চ ন্যায়ালয়ত গোচৰ চলমান খান, শ্বাহৰূখ খানৰ

    সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ প্ৰসংগত অসাৱধানতাৰে বাতৰি পৰিৱেশন কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ বলীউডৰ কেবাগৰাকী ছবি নিৰ্মাতা। দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰা হৈছে ৰিপাব্লিক টিভি আৰু টাইমছ নাও নামৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যম দুটাৰ বিৰুদ্ধে। গোচৰীয়া সকলৰ তালিকাত আছে, আমিৰ খান, শ্বাহৰূখ খান, চলমান খান, কৰণ জোহাৰ, আদিত্য চোপ্ৰা আৰু ফাৰহান খান।

    ৰিপাব্লিক টিভিৰ লগতে সম্পাদক অৰ্ণৱ গোস্বামী আৰু প্ৰদীপ ভাণ্ডাৰী আৰু লগতে টাইমছ নাওৰ লগতে দুখনকৈ চিনাকি মুখ ৰাহুল শিৱশংকৰ আৰু নবীকা কুমাৰৰ বিৰুদ্ধে দিয়া হৈছে গোচৰ। বলিউড আৰু বলিউডৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে মানহানী কৰা খবৰ সম্প্ৰচাৰিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে দাখিল কৰা গোচৰত। লগতে ছবিজগতৰ লোকসকলৰ ব্যক্তিগত গোপনিয়তা খৰ্ব কৰাৰো অভিযোগ উঠিছে।

    ব্যক্তিগত জীৱনত ক্ষতি কৰিব পৰা বিভিন্ন অসামাজিক শব্দ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে বলীউডৰ ছবি নিৰ্মাতাসকলে। উল্লেখ্য যে, গোচৰীয়াসকলৰ তালিকাত আছে প্ৰডিউচাৰছ গীল্ড অৱ ইণ্ডিয়া, দ্য চিনে এণ্ড টিভি আৰ্টিষ্টছ এছ’চিয়েচন, এডলেব ফিল্মছ, অজয় দেৱগন ফিল্মছ, অনিল কাপোৰ ফিল্ম এণ্ড কমিউনিকেশ্যন নেটৱৰ্ক, আৰৱাজ খান প্ৰডাকশ্যন, আশুতোষ গোৱাৰিকাৰ প্ৰডাকশ্যন, এক্সেল এন্টাৰটেইনমেন্ট, কবিৰ খান ফিল্মছ ইত্যাদি।

    উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহুবাৰ এনে অভিযোগ উত্থাপন হোৱা বুলি সদৰি কৰিছে ছবিৰ প্ৰযোজকসকলে। য’ত পোহৰলৈ আহিছিল সম্প্ৰচাৰৰ ক্ষেত্ৰত দেখা দিয়া বিসংগতি।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং