চন্দ্ৰপুৰত ভয়ংকৰ দুৰ্ঘটনা ! খহি পৰিল ষ্টেচনৰ ফুট অভাৰব্ৰীজ, আহত বহু

0
341

চন্দ্ৰপুৰত ভয়ংকৰ দুৰ্ঘটনা ! খহি পৰিল ষ্টেচনৰ ফুট অভাৰব্ৰীজ, আহত বহু

এক ভংকৰ দুৰ্ঘটনা সংঘটিত হৈছে চন্দ্ৰপুৰত। দুৰ্ঘটনাটোত বহু লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দৰাচলতে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে। দৰাচলতে,বল্লাৰশ্বাহ ৰে’ল ষ্টেচনত থকা ফুট অভাৰব্ৰীজ খনৰ এটা অংশ খহি পৰে।

এই দুৰ্ঘটনাটোৰ ফলত বহুতো যাত্ৰী ফুট অভাৰব্ৰীজৰ পৰাতললৈ বাগৰি পৰে। তথ্য অনুসৰি, ফুট অভাৰব্ৰীজৰ খনৰ উচ্চতা প্ৰায় ৬০ ফুট আছিল। অৰ্থাৎ, লোকসকল ৬০ ফুট উচ্চতাৰ পৰা ৰে’লৰ ট্ৰেকত পৰি যায়। এই দুৰ্ঘটনাটোৰ ফলত প্ৰায় ২০ জন যাত্ৰী আহত হৈছে।

তেওঁলোকৰ ৮ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখনীয় যে বহুতো যাত্ৰী য়ে কাজিপেট পুনে এক্সপ্ৰেছ ধৰিবলৈ প্লেটফৰ্ম নম্বৰ ১ ৰ পৰা প্লেটফৰ্ম নম্বৰ ৪ লৈ গৈ আছিল।

তাৰ পিছত হঠাতে এই ফুট অভাৰব্ৰীজৰ খনৰ এটা অংশ খহি পৰে। আহত যাত্ৰীসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে ঘটনাটো দেওবাৰে আবেলি প্ৰায় ৫ মান বজাত সংঘটিত হৈছিল।