18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰায় ১৬লাখ টকাৰে দৰঙত নিৰ্মাণ হ’ল ৰাইজৰ বহুদিনীয়া অপেক্ষাৰ ফল এখন এখন ফুট ব্ৰীজ

    প্ৰায় ১৬লাখ টকাৰে দৰঙত নিৰ্মাণ হ’ল ৰাইজৰ বহুদিনীয়া অপেক্ষাৰ ফল এখন এখন ফুট ব্ৰীজ। দৰং জিলাৰ লালপুলত ফুড ব্ৰীজৰ শুভ উদ্বোধন হয় আজি।

    দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত লালপুল গাঁও পঞ্চায়তৰ অধীনতত লালুপুলত ফুড ব্ৰীজৰ শুভ উদ্বোধন কৰে ৷ লালপুলৰ মাজেৰে পাৰ হৈ যোৱা নদীৰ ওপৰত ভঙা চিঙা এখন সৰু ব্ৰীজ আছিল। যদিও ব্ৰীজ খন ভাঙি যোৱাত বহু বছৰ ধৰি স্থানীয় লোক সকলে যমৰ যাতনাত ভুগি আহিছিল৷

    কিন্তু অৱশেষত লালপুল গাঁও পঞ্চায়তৰ প্ৰতিনিধি সকলৰ প্ৰচেষ্টাত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ১৫ লাখ ২১ হাজাৰ টকা ব্যায় সাপাক্ষে লালপুলৰ মাজেৰে পাৰ হৈ যোৱা নদীৰ ওপৰত ফুড ব্ৰীজ খন আজি শুভ উদ্বোধন কৰে দৰং জিলা পৰিষদৰ কাৰ্যকৰী অভিযন্তা ভবেন বৰ্মনে৷

    বৰ্মনে ফুড ব্ৰীজ খন শুভ উদ্বোধন কৰি সাংবাদিকৰ আগত কয় যে, ইচ্ছা শক্তি থাকিলে কম টকাৰে ও ৰাইজৰ উন্নয়ন কৰিব পৰা যায় ৷তাৰেই এক বাস্তৱ উদাহৰণ এইখন লালপুলৰ ফুড ব্ৰীজ।

    আৰু পঢ়ক : নিৰাপত্তাৰক্ষী বাহিনীৰ গুলীত চাৰিজন উগ্ৰপন্থী নিহত, অঞ্চলটোত বন্ধ কৰি দিয়া হ’ল ইণ্টাৰনেট সেৱা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং