
বিষাক্ত প্রসাদ খাই কাছাৰত ২৫ জন লোক অসুস্থ, মৃত্যু ১ জনৰ
বিষাক্ত প্রসাদ খাই ২৫ জন লোক অসুস্থ,এজনৰ মৃত্যু এই ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ কুৰকুৰু চাহ বাগিছাত। মৃত্যু মুখত পৰা এগৰাকী মহিলা বুলি জানিব পৰা গৈছে ৷
অসুস্থ ৬ জনৰ অৱস্থা সংকটকজনক হোৱাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে কুৰকুৰি চাহ বাগিচাৰ এটা দল গৈছিল শালচাপৰাত অনুষ্ঠিত পূজা উৎসৱলৈ ৷ সেই পূজাৰ পৰাই তেওঁলোকে আনিছিল প্ৰসাদ।
অভিযোগ অনুসৰি এই প্ৰসাদ খোৱাৰ পিছতেই প্ৰায় ২৫ গৰাকীকৈ লোক অসুস্থ হৈ পৰে আৰু এজনৰ মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইনপুট: শমীন্দ্ৰ পাল
আৰু পঢ়ক : স্বইচ্ছাৰে অধিনায়কত্ব ত্যাগ কৰাৰ বাবে বিচিচিআইয়ে কোহলীক ৪৮ ঘণ্টা সময় দিছিল