15.1 C
Guwahati
Thursday, January 20, 2022
More

    কুঁৱলীক লৈ ৰাজ্যৰ ১৫ খন জিলাত সতৰ্কতা জাৰি

    আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে অসমৰ মুঠ ১৫ খন জিলাত কুঁৱলীক লৈ সতৰ্কতা জাৰি কৰিছে।

    ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগেও আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কতাক লৈ টুইট কৰি জনসাধাৰণক সঁচেতন কৰাৰ চেষ্টা চলাইছে।

    আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কুঁৱলীক লৈ সতৰ্কতা জাৰি কৰা জিলা কেইখন হ’ল ক্ৰমে- ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, নলবাৰী, কামৰূপ গ্ৰাম্য, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী আৰু তিনিচুকীয়া।

    উল্লেখযোগ্য যে, ঘন কুঁৱলীৰ বাবে ৰাজ্যত পথ দুৰ্ঘটনা বৃদ্ধি পাব পৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সতৰ্কতা জাৰি কৰা হৈছে।

    কুঁৱলীৰ সময়ত যানবাহন সমূহক সীমিত বেগত সাৱধানে যাত্ৰা কৰাৰ বাবে নিৰ্দেশনা দিয়া হৈছে।

    আৰু পঢ়ক : দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহা মহাৰাষ্ট্ৰৰ ব্যক্তি ক’ভিড প’জিটিভ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং