
ৰাজ্যত মাখিৰ সন্ত্ৰাস! আঠুৱাৰ তলত গ্ৰহণ কৰিব লগা হৈছে খাদ্য, দুৱাৰ খিৰিকি খুলিব নোৱৰা হৈছে, কিন্তু ইমান মাখি হোৱাৰ কাৰণ কি…
আঠুৱা তলত খাদ্য গ্ৰহণ কৰা ডিব্ৰুগড়ৰ এটা অঞ্চল। বাহিৰা মানুহে মাছ, মাংস, ফলমূল, চাহ মিঠাই ক্ৰয় নকৰা এখন বজাৰ।
সকাম- নিকাম, উৎসৱ-পাৰ্বনতো নকৰে প্ৰসাদ কিম্বা খাদ্য গ্ৰহণ। আলহি আহিবলৈ এৰিছে অঞ্চলটোলৈ। সেই নিদিষ্ট অঞ্চলৰ স্কুলটো ল’ৰা-ছোৱালীক পঢ়াব নোখোজে আন ঠাইৰ মানুহে।
এই নিদিষ্ট অঞ্চলটো আছে ডিব্ৰুগড়ত। ”লেকাই ঠাকুৰথান ”পূতগন্ধিময় লেতেৰা ঠাই বুলি এতিয়া নাক কোচোৱা হৈছে সকলোৱে। কাৰণ ডিব্ৰুগড়ৰ লেকাইত স্থাপন কৰা বহুমুখী জাবৰ নিষ্কাশন প্ৰকল্পই মাতিছে ভয়াৱহ বিপদ।
লেকাই, ঠাকুৰথান আৰু চেঁচাৰ বৃহত্তৰ অঞ্চললৈ কঢ়িয়াইছে অশনি সংকেত। প্ৰকল্পটোৰ বৃহৎ বৃহৎ জাৱৰ দমত উৎপন্ন জাক জাক ভেনা মাখিৰ সন্ত্ৰাসত ক্ৰাহি মধুসূদন দেখিছে অঞ্চলবাসীয়ে।
উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ পৰা দৈনিক ওলোৱা জাৱৰ নিষ্কাশনৰ বাবে ডিব্ৰুগড়ৰ লেকাইত স্থাপন কৰা হৈছে এই প্ৰকল্পটো। প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ পাছতে প্ৰকল্পটোত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীৰ চূড়ান্ত অৱহেলা আৰু দায়িত্বহীনতাৰ পৰিণতিতে জাবৰৰ দমৰ পৰা উৎপন্ন হৈছে জাক জাক মাখি।
জাবৰৰ পৰা কোনো বীজাণু বা পোক, পৰুৱা, মাখি আদিৰ সংখ্যা বৃদ্ধি নাপায় তাৰ বাবে বীজাণু নাশক দ্ৰব্য স্প্ৰে কৰিব লাগে যদিও সেয়া নকৰাৰ পৰিণতিত এতিয়া বিস্তৃত অঞ্চলত মাখিয়ে ছানি ধৰিছে। মানুহে খাদ্য গ্ৰহণ কৰে আঠুৱা তলত। দিনতে দুৱাৰ খিৰিকি মাৰি থ’বলগীয়া হৈছে অঞ্চলবাসীয়ে।
স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে দুপৰীয়াৰ খাদ্য গ্ৰহণতো আহিছে বাধা। লেকাই ঠাকুৰথান বজাৰৰ পৰা খাদ্যসামগ্ৰী ক্ৰয় নকৰে কোনো বাহিৰা মানুহে। কাৰণ খাদ্যবস্তুৰ ওপৰত পৰি থাকে জাক জাক মাখি।
স্থানীয় ৰাইজে প্ৰকল্পত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে মাখি মৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক দাবী জনাইছে ।
INPUT: ধনটি শইকীয়া