এইগৰাকী অভিনেত্ৰীক প্ৰেমিকে ইমানেই মাৰপিট কৰিছিল যে ভাঙি গৈছিল থুঁতৰি, প্ৰাণে মৰাৰো চেষ্টা

0
12879

এইগৰাকী অভিনেত্ৰীক প্ৰেমিকে ইমানেই মাৰপিট কৰিছিল যে ভাঙি গৈছিল থুঁতৰি, প্ৰাণে মৰাৰো চেষ্টা

ভাৰতীয় চলচিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰীয়ে নিজৰ দুখভৰা জীৱনৰ কাহিনী সকলোৰে আগত দাঙি ধৰিছে। কিদৰে প্ৰেমিকে এটা সময়ত অভিনেত্ৰীগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল।

কেৱল মাৰপিটতে ক্ষান্ত নাথাকি প্ৰাণে মাৰি পেলোৱাৰো চেষ্টা কৰিছিল অভিনেত্ৰীগৰাকীক। যৌন নিৰ্যাতনো চলাইছিল অভিনেত্ৰীগৰাকীৰ ওপৰত। আনকি প্ৰেমিকক এৰি গলে অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃকো প্ৰাণে মাৰি পেলোৱাৰ ধমকি দিছিল।

এই অভিনেত্ৰীগৰাকী হৈছে ফ্লোৰা ছোনী। বহু কেইখন চলচিত্ৰত কাম কৰা ফ্লোৰাই এক সাক্ষাতত সদৰি কৰে এই সকলো। কিদৰে লিভ ইনত থকা প্ৰেমিকে প্ৰতিদিনে অত্য়াচাৰ চলাইছিল ফ্লোৰাৰ ওপৰত।

ফ্লোৰাই সদৰি কৰা অনুসৰি আৰম্ভণিতে সকলো ঠিকেই আছিল। প্ৰেমিক ইমানেই মৰমিয়াল আছিল যে, ফ্লোৰাৰ লগতে পিতৃ-মাতৃয়ো জানিব পৰা নাছিল সেই মৰমিয়াল চেহেৰাৰ পিছফালে লুকাই থকা দানৱক।

কিন্তু লিভ ইনত থাকিবলৈ আৰম্ভ কৰাৰ মাত্ৰ এটা সপ্তাহৰৰ পাছতে ওলাই পৰিছিল সকলো। ফ্লোৰাই প্ৰেমিকক কিমান ভাল পাই তাৰ প্ৰমাণ দিবলৈ জোৰ দিছিল আৰু তাৰ সলনি মাৰপিট আৰম্ভ কৰিছিল।

ইমানেই মাৰপিট কৰিছিল যে, চেহেৰাৰ হাড় ভাঙি পেলোৱাৰ লগতে থুঁতৰিয়ো ভাঙি পেলাইছিল। কোনোমতে প্ৰাণ লৈ পিতৃ-মাতৃৰ কাষলৈ আহি আৰক্ষীৰ কাষ চাপিছিল ফ্লোৰা।