26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বানত ককবকাইছে কাজিৰঙা, ২৪ ঘন্টাৰ ভিতৰতে বুৰিল ৫৬ টা বনশিবিৰ

    বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। আলৈ আথানি হৈছে বন্যপ্ৰাণী সমূহৰ।

    মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে নতুনকৈ আৰু ৫৬ টা বনশিবিৰৰ তলেদি বাগৰিল পানী৷

    কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ ২২৩ টা বনশিবিৰ ভিতৰত বানাক্ৰান্ত সংখ্যা হ’লগৈ ১৪৬ টা৷

    ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭০ শতাংশৰো অধিক এলেকা জলমগ্ন। উদ্যান খন জলমগ্ন হৈ পৰাত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে সৰু বৰ সকলো বন্যপ্ৰাণীৰ মাজত৷

    ৰাষ্ট্ৰীয় উদ্যান খনৰৰ কেইবাটাও বন শিবিৰৰ পৰা স্থানান্তৰ কৰা হৈছে বনকৰ্মীক৷

    বুঢ়াপাহাৰ বনাঞ্চলত ৬০,৭০ জনীয়া এটা হাতীৰ জাক ওলাই আহিছে ওখ ঠাইলৈ৷ এনেদৰেই ওখ ঠাই বিচাৰি হাবাথুৰি খাইছে বন্যপ্ৰনীয়ে৷

    আনহাতে বানৰ পৰা পৰিত্ৰাণ বিচাৰি জাকে জাকে বন্যপ্ৰাণী ধাৱমান হৈছে কাৰ্বি পাহাৰলৈ৷ একাংশই আশ্ৰয় লৈছে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত।

    কাজিৰঙাৰ ৰাষ্ট্ৰীয় পথৰ কাষত এতিয়া সুলভ হৈ পৰিছে বন্যপ্ৰাণীৰ বিচৰণ৷ এই পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে কাজিৰঙাৰ ৩৭নং ৰাষ্ট্ৰীয় পথত টাইম কাৰ্ড ব্যৱস্থা কৰিছে।

    আনহাতে বানত পৰি আহতও হৈছে কিছু সংখ্যক বন্যপ্ৰাণী৷ আহত বন্যপ্ৰাণীৰ উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে বনকৰ্মীয়ে।

    Input And Photo Credit: @Kishan Chetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং