24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ফ্লিপকাৰ্টৰ নতুন সুবিধা, অৰ্ডাৰ কৰাৰ কেৱল ৯০ মিনিটতে ঘৰত উপস্থিত হ’ব সামগ্ৰী

    অনলাইন সামগ্ৰী কিনা বেচা কৰা অতিকে জনপ্ৰিয় প্ৰতিষ্ঠান ফ্লিপকাৰ্টে লৈ আহিছে এক সুন্দৰ সুবিধা। কেৱল মাত্ৰ ৯০ মিনিটতে পাব অৰ্ডাৰ কৰা সামগ্ৰী।

    ঘোষণা কৰা অনুসৰি এই ৯০ মিনিট বা ডেৰ ঘণ্টাৰ সুবিধা এমাজন আৰু মুকেশ আম্বানীৰ জিঅ’মাৰ্টক ব্যৱসায়িক ভিত্তিত পিছ পেলাবৰ বাবেই।

    ফ্লিপকাৰ্টৰ উপাধ্যক্ষ সন্দীপ কাৰবা য়ে জনোৱা অনুসৰি আৰম্ভণিতে বাংগালুৰুৰ স্থানীয় ক্ষেত্ৰত হে এই সুবিধা থাকিব। এই বিশেষ সুবিধাৰ নাম দিয়া হৈছে “ফ্লিপকাৰ্ট ক্কুইক”।

    এই সুবিধাৰ ভিতৰত অন্যান্য সামগ্ৰীৰ লগতে সতেজ শাক পাচলি, মাছ মাংস, আৰু মোবাইল ফোন আদিও যোগান ধৰা হব।

    বছৰৰ শেষলৈ দেশৰ অন্য ডাঙৰ চহৰ সমূহতো এই সুবিধা উপলব্ধ কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।

    Photo Credit: entracker

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং