১৮ অক্টোবৰৰ বাবে আপুনি কাটিছে নেকি বিমানৰ টিকট ? যদি কাটিছে সাৱধান, কাৰণ…

0
19562

১৮ অক্টোবৰৰ বাবে আপুনি কাটিছে নেকি বিমানৰ টিকট ? যদি কাটিছে সাৱধান, কাৰণ…

বৰষুণৰ বাবে ৰানৱেৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ কামৰ বাবে ছয় ঘণ্টাৰ বাবে বন্ধ থাকিব বিমানবন্দৰ। ৰানৱেটো পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ বন্ধ থাকিব।

ৰানৱে ১৪/৩২ আৰু ০৯/২৭ ত মেৰামতি আৰু তত্বাৱধানৰ কাম চলি থাকিব। সেয়েহে বন্ধ থাকিব সকলো বিমান। সাধাৰণতে, বিমান যাতায়ত কম হ’লে ৰানৱে বন্ধ থাকে।

জানিব পৰা মতে আন দিনৰ তুলনাত ১৮ অক্টোবৰত বিমান যাত্ৰীৰ সংখ্যা কম। দৰাচলতে বাৰিষাৰ পিছত প্ৰতি বছৰে ৰানৱেবোৰ মেৰামতি কৰা হয়।

যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই মেৰামতি কৰা হয়। অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই। কাৰণ এই মেৰামতি কেৱল মুম্বাই বিমানবন্দৰত হে কৰা হ’ব।

সেয়েহে ১৮ অক্টোবৰত মুম্বাইৰ বিমান বন্দৰ ৬ ঘণ্টাৰ বাবে বন্ধ কৰা হ’ব।মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে এই কথা জানিবলৈ দিছে।