
ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ নৰবলি ঘটনা, অন্ধবিশ্বাসৰ নামত ৫ বছৰীয়া কন্যা শিশুৰ বলি, তান্ত্ৰিক গ্ৰেপ্তাৰ
অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এটি ৫ বছৰীয়া কনমানি শিশুৰ বলি। এইখন অসমতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তান্ত্ৰিকক।
চৰাইদেউ জিলাত এই নৰবলিৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, পাঁচ ভাই-ভনীৰ ভিতৰত সবাতোকৈ কনমানি ছোৱালীজনীক সোমবাৰৰ নিশা শুই থকাৰ পৰাই অপহৰণ কৰি নিছিল তান্ত্ৰিকে। যাৰ পিছতে মঙলবাৰে জ্যেষ্ঠ ভগ্নীয়ে আৰক্ষীৰ ওচৰত ভনীয়েক সন্ধানহীন হোৱাৰ খবৰ দিছিল।
তাৰ পিছতে ৫ বছৰীয়া কনমানিৰ সন্ধানত নামি পৰিছিল আৰক্ষী। মঙলবাৰৰ নিশাই নদীৰ কাষত উদ্ধাৰ হৈছিল কনমানিৰ মৃতদেহ। মৃতদেহৰ কাষতে উদ্ধাৰ হৈছিল ৰঙা কাপোৰ আৰু তন্ত্ৰ মন্ত্ৰ কাৰ্যত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী।
সন্দেহৰ আৱৰ্তত তান্ত্ৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে সোধপোচৰ বাবে অন্য ১০ লোকক আৰক্ষীৰ জিম্মাত ৰখা হৈছে।
চাহ জনজাতি লোকৰ বসতি চৰাইদেউ জিলাৰ সেই অঞ্চলত বহু লোকে বলি বিধান বিশ্বাস কৰে। ইয়াৰ পূৰ্বেও ২০১৬ চনত এটি ৪ বছৰীয়া শিশুৰ তন্ত্ৰৰ নামত কৰা হত্যাৰ পিছত ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল।
আৰু পঢ়ক : সুদীৰ্ঘ এবছৰৰ অন্তত ঘৰুৱা অসমীয়া আহাৰ গ্ৰহণ কৰিলে লাভলীনাই