24.5 C
Guwahati
Friday, September 17, 2021
More

    ককায়েকৰ জন্মদিনৰ প্ৰস্তুতি চলাই থাকোতেই কনমানি ভনীয়েকক লৈ গ’ল বাঘে, পিছদিনা উদ্ধাৰ শৰীৰৰ অংগ

    জম্মু আৰু কাশ্মীৰৰ এখন গাঁৱৰ পৰা আহিছে এক দুখজনক খবৰ। ককায়েকৰ জন্মদিন বুলি কনমানি ভনীয়েকৰ লগতে পৰিয়ালটো ব্যস্ত আছিল জন্মদিনৰ প্ৰস্তুতিত। পিছে তেনেতে ঘৰৰ চোতালৰ পৰাই উঠাই ভনীয়েকক লৈ যায় বাঘে।

    পিছদিনা জংঘলৰ মাজৰ উদ্ধাৰ কনমানিৰ শৰীৰৰ টুকুৰা টুকুৰ অংগ। যি ঘটনাই পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ চাঁ পৰিছে।

    ৭ বছৰীয়া ককায়েকৰ জন্মদিন বুলি ৫ বছৰীয়া কনমানি অদ্দাই বাৰ্বি ড্ৰেছ পিন্ধি সাজু হৈছিল সন্ধিয়াৰ অনুষ্ঠানলৈ বুলি। যাৰ বাবে চুবুৰীয়াক মাতিবলৈও গৈছিল।

    সকলোকে কেক কটাৰ বাবে নিমন্ত্ৰণ দি আহি ঘৰৰ চোতালত থিয় হৈছিল হে, তেনেতে খুৰাকৰ চকুৰ সমুখতে বাঘে টানি লৈ যায় কনমানি জনিক।

    আৰু পঢ়ক : ‘ডাঞ্চ ইণ্ডিয়া ডাঞ্চ’ৰ ৰাণাৰ আপ বিকি দাসৰ ভয়ংকৰ দুৰ্ঘটনা, কেইবাডালো হাড় ভগা অৱস্থাত হাস্পতালত ভৰ্তি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং