চীন-টাইৱানৰ মাজত চলি থকা যুদ্ধসদৃশ পৰিৱেশৰ মাজতে আহিছে আন এক উদ্বেগজনক খবৰ। টাইৱানক লক্ষ্য কৰি লোৱা চীনে এইবাৰ জাপানলৈ নিক্ষেপ কৰিছে পাঁচটাকৈ বেলিষ্টিক মিছাইল।
চীনে নিক্ষেপ কৰা এই মিছাইল কেইটা জাপানৰ বৈদ্যুতিক অঞ্চলত পৰা বুলি বৃহস্পতিবাৰে জাপান চৰকাৰৰ সামৰিক বাহিনীয়ে নিশ্চিত কৰিছে।
জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী নোবুও কিছিয়ে কয় যে চীনৰ সেনাৰ বেলিষ্টিক মিছাইল প্ৰথমবাৰৰ বাবে জলসীমাৰ ভিতৰত অৱতৰণ কৰিছে।
অৱশ্যে এই মিছাইল আক্ৰমণত কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলিও উল্লেখ কৰিছে দেশখনে।
কিছিয়ে কয় যে এইটো এটা গুৰুতৰ বিষয় যিয়ে আমাৰ দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনসাধাৰণৰ সুৰক্ষাক লৈ ভাবুকি কঢ়িয়াই আনিব।
জাপান চৰকাৰে চীনৰ এই পদক্ষেপক কূটনৈতিকভাৱে প্ৰতিবাদ কৰা বুলিও উল্লেখ কৰে।