29 C
Guwahati
Thursday, October 21, 2021
More

    এখন ঘৰতে ৪লোকৰ ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ, লগতে উদ্ধাৰ ভোকত প্ৰাণ হেৰুওৱা ৯ মহীয়া শিশু, দৈব্যক্ৰমে ৰক্ষা আঢ়ৈ বছৰীয়া শিশু

    এখন ঘৰতে ৪ গৰাকী লোকৰ ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ, লগতে উদ্ধাৰ ভোকত প্ৰাণ হেৰুওৱা এটি ৯ মহীয়া শিশু, দৈব্যক্ৰমে ৰক্ষা আঢ়ৈ বছৰীয়া শিশু।

    ২০১৮ চনৰ দেশ জোকাৰি যোৱা বুৰাৰী কাণ্ড সদৃশ ঘটনা সংঘটিত হৈছে বাংগালুৰুত। বুৰাৰী কাণ্ডত যিদৰে এখন ঘৰৰ ভিতৰতে ১১ লোকৰ ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল, এইবাৰো এখন ঘৰতে ৪ লোকৰ ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ।

    লগতে উদ্ধাৰ ভোকতে প্ৰাণ হেৰুওৱা এটি কনমানি ৯ মহীয়া শিশুৰ। পিছে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পায় আন এটি শিশু। সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ হয় আঢ়ৈ বছৰীয়া শিশুটি। ৪ দিন পূৰ্বেই আত্মহত্যা কৰিছিল ঘৰখনৰ কেউজন প্ৰাপ্ত বয়স্ক লোকে।

    যাৰ ফলত ৪ টা দিনে ধৰি তেনেদৰেই ভোকে পিয়াহে থকাৰ ফলত বিচনাতেই মৃত্যু হয় ৯ মহীয়া শিশুটিৰ, আনহাতে আঢ়ৈ মহীয়া শিশুটি ঘৰৰ চোফাত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ। যি ঘটনা খোলোচা হোৱাৰ লগে লগে তোলপাৰ লাগি যায় বাংগালুৰুৰ আৰক্ষীৰ মাজত।

    ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ঘৰৰ খনৰ মুৰব্বী কোনো কামৰ বাবে বাহিৰলৈ গৈছিল। পিছে বিগত ৪ টা দিনে ঘৰত থকা পত্নী- দুই কন্য়া আৰু পুত্ৰৰ ফোন পোৱা নাছিল, পিছত ৪ দিনৰ অন্তত ঘৰত উপস্থিত হৈ উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰে ৪ জনৰে মৃতদেহ, লগতে নাতিৰ মৃতদেহ।

    শিশু দুটি জ্যেষ্ঠ কন্যাৰ, যি স্বামীৰ সৈতে মনোমালিন্য হৈ বৰ্তমানে মাতৃৰ গৃহতে আছিল। আনহাতে আনগৰাকী কন্যা প্ৰসৱকালীন অৱস্থাৰ বাবে মাতৃৰ গৃহলৈ আহিছিল। পুত্ৰ ইঞ্জিয়াৰ। পিছে এনেদৰে সম্পূৰ্ণ সুস্থ মন মগজুৰ হোৱাৰ পিছতো কিয় কোনো আত্মহত্যা টোকা নোহোৱাকৈ এনে এক সিদ্ধান্ত গ্ৰহণ কৰে, সেই বিষয়ে জানিব পৰা হোৱা নাই।

    লোকগৰাকীয়ো হতভম্ব পত্নী-পুত্ৰ-কন্যাৰ এনে কাণ্ড দেখি। বৰ্তমানে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। মৃতদেহ কেইটাও মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে, লগতে অসুস্থ অৱস্থাত উদ্ধাৰ হোৱা শিশুটিকো আৰক্ষীৰ উপস্থিতিত চিকিৎসা চলাই থকা হৈছে।

    আৰু পঢ়ক : ৰাজ্যসভাৰ উপ-নিৰ্বাচন : সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ বিজেপিৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং