নদীত গা ধুবলৈ গৈ একেটা পৰিয়ালৰে পাঁচজন যুৱকৰ মৃত্যু

0
569
প্ৰতিনিধিত্বমূলক চিত্ৰ

বিহাৰৰ ছিৱান জিলাৰ আছান আৰক্ষী থানা এলেকাৰ কাণ্ডপাকড গাঁওস্থিত ঝাৰহী নদীত গা ধুব গৈ ৫ জন যুৱকৰ মৃত্যু হয়। ওচৰ-চুবুৰীয়াই যুৱক কেইজন উদ্ধাৰ কৰে যদিও এখন ব্যক্তিগত চিকিৎসালয়ত আটাই কেইজনৰ মৃত্যু ঘটে।

নিহতসকলৰ ভিতৰত আছে শ্ৰী ৰাম সাহৰ পুত্ৰ অজয় ​​সাহ, বিজয় সাহ, আৰু বিশাল, জয়চন্দ সাহৰ পুত্ৰ ৰিতেশৰ উপৰি বলিৰাম সাহৰ পুত্ৰ বিকাশ।

জানিব পৰা মতে, একেটা পৰিয়ালৰ পাঁচজন লোকে অন্ত্যেষ্টিক্ৰিয়াৰ অন্তত ঝাৰহী নৈত গা ধুবলৈ গৈছিল। এই সময়ছোৱাত এজন উটি যোৱাত বাকী কেইজনে বচাবলৈ যাওতে ইজনৰ পিছত সিজনকৈ ৫ জন লোক ডুব যায়।

তথ্য অনুসৰি, আছাৰফি সাহৰ পৰিয়ালৰ কোনো এজন সদস্যৰ মৃত্যু হৈছিল আৰু তাত উপস্থিত থাকিবলৈ আহিছিল নাতি-নাতিনীকে ধৰি পৰিয়ালৰ আন সদস্যসকল।

এই ক্ৰমত তেওঁলোক গণ্ডকৰ উপনৈ ঝাৰহী নৈত গা ধুবলৈ গৈছিল। ইয়াৰ পিছতে এজনৰ পিছত আন এজন সদস্য নদীৰ প্ৰবল সোঁতত বৈ যোৱাত তাত উপস্থিত থকা লোকসকলৰ মাজত হুৱা দুৱা লাগে।

লগে লগে একাংশ স্থানীয় ৰাইজৰ ততপৰতাত লোক কেইজনক মৃত অৱস্থাত উদ্ধাৰ কৰে।

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীও সেই স্থানত উপস্থিত হয়। মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে যদিও এটা পৰিয়ালৰ পাঁচজন লোকৰ মৃত্যুত গাঁওখনত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।