16 C
Guwahati
Thursday, January 20, 2022
More

    খেতিপথাৰতে কাম কৰি থকা অৱস্থাত দা, লাঠিৰে আক্ৰমণ কৰি নিজৰ জ্যেষ্ঠ ভাতৃক নৃশংস হত্যা পাঁচ ভাতৃৰ

    খেতিপথাৰতে কাম কৰি থকা অৱস্থাত দা, লাঠিৰে আক্ৰমণ কৰি নিজৰ জ্যেষ্ঠ ভাতৃক নৃশংস হত্যা পাঁচ ভাতৃৰ

    লাহৰীঘাটৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত ৰজাবড়িত  সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    নিজৰে পাঁচজন কনিষ্ঠ ভাতৃয়ে মিলি জ্যেষ্ঠ ভাতৃক নৃশংসভাৱে হত্যা কৰে। জানিব পৰা মতে, ৰজাবড়ি গাঁৱৰ বাবুলাল মণ্ডল নামৰ লোকজনৰ নিৰ্দেশত তেওঁৰ পাঁচজন পুত্ৰই মিলি মৰিয়াই মৰিয়াই হত্যা কৰে জ্যেষ্ঠ ভাতৃ পৰিমল মণ্ডলক।

    দীৰ্ঘদিনীয়া ভূমি বিবাদৰ বাবেই পিতৃৰ নিৰ্দেশত নিৰ্মল মণ্ডল, বীৰবল মণ্ডল, সঞ্জীৱ মণ্ডল, সুকুমাৰ মণ্ডল আৰু প্ৰেম কুমাৰ মণ্ডলে জ্যেষ্ঠ ভাতৃ পৰিমল মণ্ডলক মঙলবাৰে পথাৰত খেতিৰ কাম কৰি থকাৰ অৱস্থাতেই দা, লাখুটিৰে আক্ৰমণ কৰে।

    পাঁচোজন ভাতৃৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক সংটকজন অৱস্থাত জি এম চি এইচত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত আজি পৰিমল মণ্ডলৰ মৃত্যু ঘটে।

    ইপিনে, ঘটনা সংঘটিত হোৱাৰ দিনাখনে ভূৰাগাঁৱৰ আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰী কেইজনক গ্ৰেপ্তাৰ কৰে আৰু ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰখাৰ পিছত আজি আটাইকেইজন হত্যাকাৰীকে জেল হাজোতলৈ প্ৰেৰণ কৰে।

    উল্লেখযোগ্য যে, পূৰ্বেও এই পৰিয়ালটোৱে দুটাকৈ নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পুনৰ এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰী কেইটাক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাই অঞ্চলটোৰ লোকসকলে।

    আৰু পঢ়ক : ‘জীৰো কভিড পলিচি’ৰ ভয়ংকৰ ৰূপ ! ধাতুৰ বাকচত আৱদ্ধ কৰা হৈছে কৰ’ণা আক্ৰান্তক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং