কাজিৰঙাত বাঘ হত্যাৰ অভিযোগত পাঁচগৰাকী লোকক গ্ৰেপ্তাৰ বন বিভাগৰ

0
73

শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ১ নং শিলডুবি এলেকাৰ ৯ গৰাকী লোকক বনবিভাগে আটক কৰি অনাৰ পাছত শনিবাৰে বিয়লি পুনৰ ৫ জনক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোক কেইজন শ্যামল শুক্লবৈদ্য, হীৰা মুণ্ডা, জয়ৰাম চাওঁৰা, সঞ্জয় চাওঁৰা আৰু ৰাজেশ গোৱালা বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰিত উদ্যানৰ দাঁতিত এটা বাঘৰ মৃ্তদেহ উদ্ধাৰ কৰা হৈছিল আৰু বাঘটো বিষক্ৰিয়াৰ দ্বাৰা হত্যা কৰা হৈছিল বুলি বন বিভাগে স্পষ্ট কৰিছিল।

সেই অভিযোগত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে বন বিভাগে।

ইনপুট : কিষাণ চেত্ৰী