27 C
Guwahati
Sunday, May 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নতুনকৈ গঠন হ’বলগীয়া চৰকাৰক আদিবাসী সমস্যা সমাধানৰ দাবী আদিবাসী যুদ্ধ বিৰত পাঁচটা সংগঠনৰ

    নতুনকৈ গঠন হ’বলগীয়া চৰকাৰক আদিবাসী সমস্যা সমাধানৰ দাবী আদিবাসী যুদ্ধ বিৰত পাঁচটা সংগঠনৰ

    সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত জয়ী হোৱা মিত্ৰজোঁটৰ সমূহ বিধায়কলৈ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে আদিবাসী যুদ্ধ বিৰত পাঁচটা সংগঠনে।

    এই উপলক্ষ্যে মঙলবাৰে গোসাইগাঁও মহকুমাৰ কান্দানাপাৰাস্থিত আকমাৰ ডেজিগনেটেড শিবিৰত আয়োজিত এক সংবাদ মেলত আদিবাসীৰ যুদ্ধ বিৰত পাঁচটা সংগঠন ক্ৰমে আকমা, আপা, আনলা, এছ টি এফ আৰু বিছিএফৰ নেতৃবৃন্দই নব নিৰ্বাচিত বিধায়ক তথা গঠন হবলগীয়া চৰকাৰৰ প্ৰতি তেওঁলোকে আশা প্ৰকাশ কৰি আদিবাসী সমস্যা সমাধানৰ দাবী জনায়।

    সংবাদমেলত আকমাৰ অধ্যক্ষ জাব্ৰিয়াছ খাখাই গঠন হ’বলগীয়া মিত্ৰজোঁটৰ চৰকাৰক শুভেচ্ছা জনাই কয় যে নিৰ্বাচনৰ পূৰ্বে আদিবাসী সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি যাতে নতুন চৰকাৰখনে আখৰে আখৰে পালন কৰে তাৰ বাবে আহ্বান জনাইছো৷

    আদিবাসীৰ জনজাতি কৰণৰ লগতে পাঁচটাকৈ যুদ্ধ বিৰত আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি সম্পাদন কৰাৰ লগতে সংগঠনৰ সকলো সদস্যৰ স্থায়ীভাৱে পুনৰ সংস্থাপনৰ দাবী জনায়।

    উক্ত সংবাদ মেলত আপাৰ সভাপতি বিজয় সিং লাক্ৰা, বিছিএফৰ সভাপতি তিৰ্কু টুডু, এছ টি এফৰ সেনাধ্যক্ষ লক্ষ্মন চৰেন আৰু আনলাৰ গোসাইগাঁও জিলা কমাণ্ডাৰ শিৰিল হাছদাসহ পাঁচটা সংগঠনৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে।

    ইনপুট : বিশ্বজিৎ চৌধুৰী

    আৰু পঢ়ক : বংগত পুনৰ ‘দিদি’ৰ চৰকাৰ, আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব মমতা বেনাৰ্জীয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং