কপাল ফুলিল মাছ বিক্ৰেতা ৰবিৰাম বসুমতাৰীৰ; ৫০ টকাৰ বিনিময়ত পালে ১৮ লাখ টকীয়া মূল্যৰ ইনোভা গাড়ী

0
2074

বৰপেটাৰোড ৰাস মহোৎসৱৰ লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে এগৰাকী মাছ বিক্ৰেতাই। বাক্সাৰ কালপানীৰ এই গৰাকী সৌভাগ্যৱান মাছ বিক্ৰেতাজন হৈছে ৰবিৰাম বসুমতাৰী ওৰফে লাইথা৷

৫০ টকীয়া মূল্যৰ ১০০ টকাৰে মাত্ৰ দুটা টিকট ক্ৰয় কৰিছিল মাছ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া কালপানীৰ ৰবিৰাম বসুমতাৰীয়ে।

বুধবাৰে বৰপেটাৰোডৰ ৰাসৰ অন্তিম দিনটোত নিশা অনুষ্ঠিত হোৱা লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰে লোকজনে৷

মাছ বিক্ৰেতা ৰবিৰাম বসুমতাৰী ওৰফে লাইথাৰ দুই পুত্ৰই দিন হাজিৰা কৰি উপাৰ্জন কৰা টকাৰে পৰিয়াল পোহপাল দি আহিছিল বুলি জানিবলৈ দিয়ে।

বৰপেটাৰোড ৰাস মহোৎসৱৰ লটাৰীৰ প্ৰথম পুৰস্কাৰ টয়টা কোম্পানীৰ প্ৰায় ১৮ লাখ টকীয়া মূল্যৰ ইনোভা গাড়ীখন লাভ কৰি ৰবিৰাম বসুমতাৰী ওৰফে লাইথাৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকল উৎফুল্লিত হৈ পৰিছে।

সৌভাগ্যৱান বসুমতাৰীয়ে গাড়ীখন বিক্ৰী কৰি দিন হাজিৰা কৰা দুই পুত্ৰক ব্যৱসায় কৰিবলৈ দোকানৰ ব্যৱস্থা কৰি দিব বুলি জানিবলৈ দিয়ে৷