
আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী মহিলা, নাম ক্ৰিষ্টিনা কোচ। অবিশ্বাস্য হ’লেও সত্য, যিয়ে নিতৌ ১৬ বাৰকৈ সূৰ্য উদয় হোৱা দেখা পায়। এই মহিলাগৰাকীৰ নামত লিপিবদ্ধ হৈছে ৰেকৰ্ডো। পিছে সূৰ্যোদয় দেখাৰ বাবে নহয়, এক বিশেষ কাৰণত হে তেওঁৰ নামত লিপিবদ্ধ এই ৰেকৰ্ড।
এই বিৰল দৃশ্য দেখাৰ সৌভাগ্য হোৱা ক্ৰিষ্টিনা বৰ্তমানে আছে মহাকাশত। ক্ৰিষ্টিনা এগৰাকী মহাকাশ যাত্ৰী। পূৰ্বে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল এইগৰাকী মহিলাই। এইগৰাকী প্ৰথম মহিলা মহাকাশচাৰী যিয়ে জেচিকা মিৰৰ সৈতে মহাকাশত খোজ দিছে কোনো পুৰুষসংগী নোহোৱাকৈ। লগতে অন্তৰীক্ষ ষ্টেচনত সকলোতকৈ অধিক দিন অতিবাহিত কৰা মহিলা।
ক্ৰিষ্টিনাই মহাকাশত ৩২৮ দিন অতিবাহিত কৰি এই ৰেকৰ্ড নিজৰ নামত গঢ়িব। অৱশ্যেই ক্ৰিষ্টিনাই পূৰ্বৰ অভিলেখ ভংগ কৰিছে। ইয়াৰ পূৰ্বে ২৮৯ দিনেৰে এই অভিলেখ গঢ়িছিল পেগী হুইষ্ট’নে।
Photo Credit: Cristinamalita.com