
আপুনি আপোনাৰ স্মাৰ্টফোনত টাইপ আৰু মেছেজ কৰাত যেতিয়া ব্যস্ত থাকে, সেই সময়ত আপুনি কেতিয়াবা ভাবিছেনে যে এই সকলোবোৰ কেনেকৈ আৰু কেতিয়াৰ পৰা আৰম্ভ হ’ল? কেৱল এয়াই নহয়, বিশ্বৰ প্ৰথম টেক্সট মেছেজ কোনটো আছিল জানেনে?
উল্লেখ্য যে, ৩১ বছৰ পূৰ্বে অৰ্থাত ১৯৯২ চনৰ ৩ ডিচেম্বৰত প্ৰথম আৰম্ভ হৈছিল টেক্সট মেছেজ। মেছেজটো আছিল ‘মেৰী খ্ৰীষ্টমাছ’।
ভোডাফোনৰ নেটৱৰ্কৰ জৰিয়তে নীল পেপৱৰ্থে নামৰ এজন লোকে ১৪টা আখৰৰ এই বাৰ্তাটো ভোডাফোনৰ কৰ্মচাৰী ৰিচাৰ্ড জাৰ্ভিছে লাভ কৰিছিল।
সেই সময়ত ২২ বছৰীয়া ব্ৰিটিছ প্ৰগ্ৰেমাৰ নীল পেপৱৰ্থে কম্পিউটাৰৰ পৰা প্ৰথম চুটি বাৰ্তা সেৱা (SMS) প্ৰেৰণ কৰিছিল আৰু তাৰ পিছত মৰ্ডাৰ্ণ মেছেজৰ প্ৰেৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।
ডেইলী মেইলৰ মতে, ২০১৭ চনত নীল পেপৱৰ্থে কৈছিল, ‘১৯৯২ চনত মোৰ কোনো ধাৰণা নাছিল যে টেক্সটিং ইমান জনপ্ৰিয় হ’ব, আৰু ইয়াৰ ফলত লাখ লাখ মানুহে ব্যৱহাৰ কৰা ইমোজি আৰু মেছেজিং এপৰ জন্ম হ’ব।’
ব্ৰিটিছ টেলিকম কোম্পানী ভোডাফোনে যোৱা বছৰ এনএফটি হিচাপে এছএমএছক নিলাম কৰিছিল। ঐতিহাসিক লিখনীটো এন এফ টি হিচাপে পুনৰ সৃষ্টি কৰা হৈছিল, যিটো ডিজিটেল ৰচিদ।
ডেইলী মেইলৰ বাতৰি অনুসৰি পেৰিছৰ আগুটৰ নিলাম ঘৰে এই আইকনিক টেক্সট মেছেজটো নিলাম কৰিছিল।