অসমত কৰ’ণাত মৃত্যু হোৱা প্ৰথমজন লোকৰ পৰিয়ালক কোৱাৰাইণ্টাইনৰ পৰা মুক্তি

৮ এপ্ৰিলত ২৪দিনৰ বাবে কোৱাৰাইণ্টাইন কৰা হৈছিল পৰিয়ালটোক। পৰিয়ালটোক সম্বৰ্ধনা তথা খাদ্য সামগ্ৰী প্ৰদান কৰি ঘৰলৈ যাবলৈ দিয়া হয়

0
50

অসমত কৰ’ণা ভাইৰাছত মৃত্যু হোৱা প্ৰথমজন লোকৰ পৰিয়ালক কোৱাৰাইণ্টাইনৰ পৰা মুকলি। কৰ’ণা ভাইৰাছত প্ৰাণ হেৰুৱাইছিল ফইজুল হক বৰভূঞা। আজি পুৱা ৭ বজাত মুকলি কৰি দিয়া হয় পৰিয়ালটোক। পৰিয়ালটোক ঘৰলৈ যাবলৈ দিলে হাইলাকান্দি প্ৰশাসনে।

৮ এপ্ৰিলত ২৪দিনৰ বাবে কোৱাৰাইণ্টাইন কৰা হৈছিল পৰিয়ালটোক। পৰিয়ালটোক সম্বৰ্ধনা তথা খাদ্য সামগ্ৰী প্ৰদান কৰি ঘৰলৈ যাবলৈ দিয়া হয়। পৰিয়ালটোক আজিৰে পৰা ১৪দিনৰ বাবে কৰা হ’ব হোম কোৱাৰাইণ্টাইন।

উল্লেখ্য যে ৭ এপ্ৰিলত ফয়জুল হক বৰভুঞাৰ দেহত কোৰোণা সংক্ৰমণ পোৱাৰ পিছত তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতালতলৈ যোৱা হৈছিল। ৮ এপ্ৰিলত বৰজুৰাই গাঁও ছীল কৰি দিয়াৰ লগতে তেওঁৰ পৰিয়ালৰ ৫ সদ্যসক ২০ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখা হৈছিল। স্বাস্থ্য বিভাগৰ পৰা কৰা তিনিটাকৈ কোৰোণা পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত আজি তেওঁলোকক মুকলি কৰি দিয়া হয়।

Photo: Time8