ধিঙৰ উদানতলাত ভয়ংকৰ ঘটনা ! জীয়ৰীৰ সমুখতে পিতৃক গুলীচালনা দুৰ্বৃত্তৰ

0
2454

ধিঙৰ উদানতলাত ভয়ংকৰ ঘটনা ! জীয়ৰীৰ সমুখতে পিতৃক গুলীচালনা দুৰ্বৃত্তৰ

৭৪ সংখ্যাক গণৰাজ্য দিৱসৰ দিনাই ধিঙৰ উধানতলাত এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে। ৱাহিদুৰ ইছলাম নামৰ এজন যুৱকক গুলীচালনা।ৰাহুল আৰু ছামিম আখতাৰ নামৰ যুৱক দুজনে ৱাহিদুৰ ইছলামক গুলীচালনা কৰি পলায়ন কৰে। সংকটজনক অৱস্থাত গুলীবিদ্ধ ৱাহিদুৰক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে এখন বাইকত ৰাহুল আৰু ছামিম আখতাৰে আহি পথাৰত থকা সময়তে ৱাহিদুৰক জীয়ৰীৰ সমুখতে এটা ৯ এম এম পিষ্টলেৰে গুলীয়াই থৈ যায়।

মুখত আৰু কঁকালত গুলী লাগিছে ৱাহিদুৰৰ।কি কাৰণত যুৱকজনক গুলীয়ালে সেই কথা বৰ্তমানলৈকে জানিব পৰা নাই। বাইকত অহা যুৱক দুজনক পৰিয়ালৰ লোক সকলে চিনাক্ত কৰিছে।

ঘটনাস্থলীত ধিং, আৰু ডুমডুমীয়া আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীৰ পৰা এটা মোবাইল ফোন আৰু দুটা খালী কাৰ্টিছ আৰু এক জাই সক্ৰীয় গুলী উদ্ধাৰ কৰা লগতে তদন্ত অব্যহত ৰাখিছে ।