লকডাউনৰ মাজতে কাজিৰঙাত গুলীয়াগুলী, বনকৰ্মী আহত

ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত বনকৰ্মী

0
36

সমগ্ৰ দেশতে লকডাউন। কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে সকলোৱে বন্ধ পালনো কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো বন্ধ কৰি দিয়া হৈছিল এই লকডাউন ঘোষণাৰ পিছতে। পিছে শনিবাৰে নিশা ৰাষ্ট্ৰীয় উদ্যানখনত সংঘটিত হয় এক গুলিচালনাৰ ঘটনা।

লকডাউনৰ মাজতে কাজিৰঙা ষষ্ঠ সংযোজনৰ পানপুৰত গুলীয়াগুলী। চোৰাং চিকাৰীৰ গুলীত আহত এজন বনকৰ্মী। ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত বনকৰ্মী প্ৰাঞ্জল চমুৱা। সম্প্ৰতি তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন বনকৰ্মীগৰাকী। পাণপুৰৰ বন শিৱিৰৰ সমীপত নিশা সংঘটিত হয় এই ঘটনা।

Photo Credit: Time8