ভাৰত-আফগানিস্তান মেচৰ পূৰ্বে অঘটন; ডুবাই ষ্টেডিয়ামৰ সমীপত লাগিল জুই

0
1367

ইউ এ ইত চলি থকা এছিয়া কাপত আজি ভাৰতে নিজৰ অন্তিমখন মেচ খেলিব। কিন্তু ভাৰতে মেচখনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে ডুবাই ষ্টেডিয়ামত সংঘটিত হৈছে এক দুৰ্ঘটনা।

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰৰ সমীপত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ চেষ্টা চলাই আছে।

ভাৰতে আজি আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া অন্তিমখন মেচৰ প্ৰায় দুঘণ্টা পূৰ্বে সংঘটিত এই অঘটনে চিন্তাত পেলাইছে আয়োজক কৰ্তৃপক্ষক।

উল্লেখ্য যে এছিয়া কাপ জয়ৰ অন্যতম দাবীদাৰ ভাৰতে প্ৰতিযোগিতাখনৰ ছুপাৰ চাৰিত দেখুওৱা অত্যন্ত হতাশাজনক প্ৰদৰ্শনৰ বাবে টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম নহ’ল।

ভাৰতে ছুপাৰ চাৰিৰ প্ৰথমখন মেচত পাকিস্তান আৰু দ্বিতীয়খন মেচত শ্ৰীলংকাৰ হাতত পৰাজয়ৰণ কৰিছিল।

এই মেচ দুখনত পৰাস্ত হোৱাৰ লগে লগে টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশৰ পথ ৰুদ্ধ হৈ পৰিছিল ভাৰতৰ। অৱশ্যে আজি ছুপাৰ চাৰিৰ অন্তিমখন মেচত ভাৰতে আফগানিস্তানক পৰাস্ত কৰি জয়ৰ ধাৰালৈ উভটিব বিচাৰিব।

ইফালে প্ৰতিযোগিতাখনৰ ফাইনেলত অৱতীৰ্ণ হ’ব পাকিস্তান-শ্ৰীলংকা।