পুৱতি নিশা শিলচৰত ভয়ংকৰ অগ্নিকাণ্ড, কাঠৰ আচবাব কাৰখানাত লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

0
20455

পুৱতি নিশা শিলচৰত ভয়ংকৰ অগ্নিকাণ্ড। শিলচৰৰ আশ্ৰম ৰোডত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। বুধবাৰে পুৱা নিশা দুই বজাত শিলচৰ চহৰৰ আশ্ৰম ৰোডত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

এই ঘটনা সংঘটিত হৈছে শিলচৰৰ আশ্ৰম ৰোডৰ আশীষ চৌধৰী কাঠৰ আচবাবৰ কাৰখানাত । অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে ।

আজি পুৱা প্ৰায় ছয় বজাতহে অগ্নিনিৰ্ব্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ খবৰ পোৱাত ঘটনাৰ স্থলিত উপস্থিত হয় শিলচৰ সদৰ থানাৰ আৰক্ষীৰ বিষয়া দিতুমনি গোস্বামী । এই অগ্নিকাণ্ড ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে তদন্ত অব্যাহত ৰাখিছে ।

আৰু পঢ়ক : বনভোজৰ নামত সুৰাৰ ৰাগীত মাতাল যুৱতীক